
জম্মু, ৩০ জুলাই (হি.স.)। অমৰনাথ যাত্ৰাৰ বাবে বৃহস্পতিবাৰে পুৱাই জম্মুৰ পৰা বালতাল অভিমুখে ৰাওনা হয় ১,৭৯৫ গৰাকী তীৰ্থযাত্ৰী । ইফালে বালতালৰ পৰা জম্মুলৈ উভতি আহিছিল ১৯৪৩ গৰাকী তীৰ্থযাত্ৰী। কটকটীয়া নিৰাপত্তাৰ মাজতে ভাগৱতী নগৰ যাত্ৰী নিৱাসৰ পৰা বালতাল বেছ কেম্পলৈ প্ৰেৰণ কৰা হৈছে ১৭৯৫ গৰাকী তীৰ্থযাত্ৰীক। আজি পেহেলগাম পথেৰে কোনো তীৰ্থযাত্ৰী যাত্ৰা কৰাৰ কথা নাই।
জম্মুৰ যুটীয়া আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ তথ্য অনুসৰি পুৱা ২:৪৪ বজাত ৮৩ খন বাহনেৰে ২৩ নং বেটচ ৰাওনা হয়। ইয়াৰ ভিতৰত আছিল ৪১খন বাছ, ১১খন মজলীয়া বাহন, ৩০খন লঘু বাহন, আৰু এখন দুচকীয়া বাহন। এই বেটচত ১৪০৬ জন পুৰুষ আৰু ৩৮৯ গৰাকী মহিলা তীৰ্থযাত্ৰী আছিল। তীৰ্থযাত্ৰীসকলৰ লগত এস্কৰ্ট বাহন আৰু এখন এম্বুলেন্সো আছে।
বিষয়াসকলৰ মতে, এই বেটচৰ যাত্ৰাৰ লগে লগে জম্মুৰ ভাগৱতী নগৰ ঘাটি শিবিৰৰ পৰা বাৰ্ষিক তীৰ্থযাত্ৰাৰ বাবে ৰাওনা হোৱা মুঠ তীৰ্থযাত্ৰীৰ সংখ্যা ১,৩৪,২০১ জন হৈছেগৈ। ইফালে, বৃহস্পতিবাৰে বাল্টাল বেছ কেম্পৰ পৰা জম্মু অভিমুখে ৰাওনা হয় ১৯৪৩ গৰাকী তীৰ্থযাত্ৰীৰ ২২ নং ৰিটাৰ্নিং বেটচ। ইয়াৰ ভিতৰত আছে ১৪১৩ জন পুৰুষ তীৰ্থযাত্ৰী, ৩৯২ জন মহিলা তীৰ্থযাত্ৰী, ১২ জন শিশু, ৯৭ জন সাধু, আৰু ২৯ জন সাধৱী। পবিত্ৰ অমৰনাথ গুহা মন্দিৰৰ বাৰ্ষিক তীৰ্থযাত্ৰা সুকলমে আগবাঢ়িছে। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাল্টাল পথত কঠোৰ নিৰাপত্তা আৰু যান-বাহন ব্যৱস্থাপনাৰ ব্যৱস্থা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া