পশ্চিম কাৰ্বি আংলঙত বিধ্বস্ত পথক লৈ যমৰ যাতনা
পশ্চিম কাৰ্বি আংলং, ০৩ জুলাই (হি.স.)। পশ্চিম কাৰ্বি আংলঙত বিধ্বস্ত পথক লৈ যমৰ যাতনা ভূগিবলৈ বাধ্য় হৈছে পথচাৰীসকলে । নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ এবছৰ নৌহওতেই সৃষ্টি হৈছে প্রকাণ্ড প্ৰকাণ্ড গাঁত আৰু মেলিছে চিৰাল ফাঁট। খেৰণি-জেৰিকীণ্ডিঙ সংযোগী পথটোৰ এই
পশ্চিম কাৰ্বি আংলঙত বিধ্বস্ত পথক লৈ যমৰ যাতনা


পশ্চিম কাৰ্বি আংলং, ০৩ জুলাই (হি.স.)। পশ্চিম কাৰ্বি আংলঙত বিধ্বস্ত পথক লৈ যমৰ যাতনা ভূগিবলৈ বাধ্য় হৈছে পথচাৰীসকলে । নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ এবছৰ নৌহওতেই সৃষ্টি হৈছে প্রকাণ্ড প্ৰকাণ্ড গাঁত আৰু মেলিছে চিৰাল ফাঁট। খেৰণি-জেৰিকীণ্ডিঙ সংযোগী পথটোৰ এই বিধ্বস্থ অৱস্থা হৈ পৰিছে ।

উল্লেখ্য় যে আৰআইডিএফ আঁচনিৰ অধীনত কোটি কোটি টকা ব্যয়ৰে উক্ত পথতো নিৰ্মাণ কৰিছিল যদিও বছৰ বাগৰাৰ পূৰ্বেই বিধ্বস্ত ৰূপ লৈ মৰণফান্দত পৰিণত হৈছেগৈ । ক্ৰমাৎ পথটি যাতায়তৰ বাবে অনুপযোগী হৈ পৰাত বৃহত্তৰ অঞ্চলবাসীৰ চকু কপালত উঠাৰ লগতে যাতায়তৰ ক্ষেত্ৰত ভাবুকি অনা বিধ্বস্ত পথটিক লৈ ইতিমধ্যে অঞ্চলটোত এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande