
- পুনে আৰু ৰাইগাডৰ বাবে ৰঙা সতৰ্কতা আৰু মুম্বাই, থানে আৰু পালঘৰৰ বাবে হালধীয়া সতৰ্কতা
মুম্বাই, ০৩ জুলাই (হি.স.)। বিগত তিনিদিন ধৰি মহাৰাষ্ট্ৰত ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণে শুকুৰবাৰে মুম্বাই আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ জীৱন ব্যাহত কৰি তুলিছে । ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি পুনে আৰু ৰায়গদ জিলাৰ বাবে ৰঙা সতৰ্কবাণী জাৰি কৰাৰ লগতে ৰাজ্যখনত মুম্বাই, থানে আৰু পালঘৰ জিলাৰ লগতে কোংকন, বিদৰ্ভ, আৰু মধ্য মহাৰাষ্ট্ৰকে ধৰি ৰাজ্যখনত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰে । এই জিলাসমূহত জৰুৰীকালীন ব্যৱস্থা কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগে ভৱিষ্যদ্বাণী কৰিছে যে ৰাজ্যজুৰি প্ৰচণ্ড বৰষুণ অব্যাহত থাকিব, আগন্তুক কেইদিনমানৰ ভিতৰত ইয়াৰ তীব্ৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মুম্বাই, কংকন, বিদৰ্ভ, আৰু মধ্য মহাৰাষ্ট্ৰৰ কেইবাটাও ঠাইত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও কিছু অঞ্চলত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও সকীয়াই দিছে।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ৭২ ঘণ্টাত মুম্বাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। কিছুমান অঞ্চলত মাত্ৰ ২৪ ঘণ্টাত ২০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হ’ব পাৰে। সেয়েহে নাগৰিকসকলক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে। বিদৰ্ভৰ বুলধনা, আকোলা আৰু আমৰাৱতী জিলাৰ বাবেও প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে । ইয়াৰ উপৰিও সিন্ধুদুৰ্গ, নন্দুৰবাৰ, ধূলে, জলগাঁও, নাছিক, আৰু ছাত্ৰপতি সম্ভাজিনগৰ জিলাৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে । অহিল্যানগৰ, জালনা, বীদ, পাৰভানী, ৱাছিম, ৱৰ্ধা, নাগপুৰ, ভাণ্ডাৰা, গণ্ডিয়া, চন্দ্ৰপুৰ, আৰু গাডচিৰোলি জিলাত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে।
আজিও একেৰাহে তৃতীয় দিন মুম্বাইত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। পুৱাৰে পৰা মহানগৰ আৰু উপকণ্ঠ অঞ্চলত ধাৰাসাৰ বৰষুণ হৈ আছে। আন্ধেৰী, যোগেশ্বৰী, গোৰেগাঁও, মালাড, কান্দিৱলী, বৰিভালি, দহিছাৰ, ভাইলে পাৰ্লে, চান্টাক্ৰুজ, আৰু বান্দ্ৰা অঞ্চলত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। কিছুমান নিম্নভূমি অঞ্চলত বানপানী আৰম্ভ হৈছে, আৰু পৰিবহণ ব্যৱস্থাও ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। প্ৰশাসনে অত্যাৱশ্যকীয় কামৰ বাহিৰে ঘৰৰ পৰা ওলাই নাযাবলৈ পৰামৰ্শ দিছে। আজি কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে, আৰু থানে, পালঘৰ, আৰু ৰায়গদত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে ।
অহা ৭ জুলাইলৈকে ৰাজ্যৰ অন্যান্য প্ৰান্তত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। যোৱা ২৪ ঘন্টাত মুম্বাইত মুঠ ২০৪ মিলিমিটাৰ বৰষুণ হয়। ইয়াৰ ভিতৰত মালবাৰ পাহাৰ (১৪৬ মিলিমিটাৰ), দুৰ্গ (১৩৯ মিলিমিটাৰ), আন্ধেৰী (১৩৬ মিলিমিটাৰ), ভাৰ্ছ’ভা (১২৯ মিলিমিটাৰ), প’ৱাই (১২৪ মিলিমিটাৰ), মানখুৰ্ড (১১৮ মিলিমিটাৰ), ভাণ্ডুপ (১১৬ মিলিমিটাৰ), আৰু মুলুণ্ড (১১৫ মিলিমিটাৰ) আদি অন্তৰ্ভুক্ত।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ