
শোণিতপুৰ, ০৩ জুলাই (হি.স.)। শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত মণ্ডল তথা ভূমি অভিলেখ সহায়ক গোবিন চন্দ্ৰ নাথক উৎকোচ গ্ৰহণৰ অভিযোগত নিলম্বন কৰা হৈছে৷ সন্ধিয়া শোণিতপুৰৰ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এই নিলম্বনৰ নিৰ্দেশ দিয়া হয় ৷
শোণিতপুৰৰ আয়ুক্তই দিয়া নিলম্বনৰ নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি, চাৰিদুৱাৰ ৰাজহ চক্ৰৰ ভূমি অভিলেখ সহায়ক পদত কৰ্মৰত নাথে ট্ৰেচ মেপৰ বিপৰীতে উৎকোচ গ্ৰহণ তথা কামত অযথা বিলম্ব কৰাৰ অভিযোগৰ বিষয়ে উল্লেখ কৰিছে ৷
উল্লেখযোগ্য যে, চাৰিদুৱাৰ ৰাজহ এলেকাৰ গৰৈমাৰী মৌজাৰ তিনিনম্বৰ লাটৰ এইজন লাট মণ্ডল তথা ভূমি অভিলেখ সহায়কৰ বিৰুদ্ধে ৷ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত তেওঁক নিলম্বনৰ নিৰ্দেশ দিয়ে শোণিতপুৰৰ আয়ুক্তই ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ