
বঙাইগাঁও, ০৩ জুলাই (হি.স.)। বঙাইগাঁও জিলাৰ যোগীঘোপাত অবৈধ জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত আছে ।
যোগীঘোপা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হয় এজন জুৱাৰী ।
ধৃত জুৱাৰীটো যোগীঘোপাৰ বালাপাৰাৰ ফজৰ আলী বুলি পৰিচয় পোৱা গৈছে ।
যোগীঘোপাৰ বালাপাৰাত জুৱাৰ ঘাটিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে জুৱাৰীটোক ।
তাপচাতৰে জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই ফজৰ আলীক হাতে লোটে গ্ৰেপ্তাৰ কৰে ।
আৰক্ষীয়ে বৃহৎ পৰিমাণৰ তাচপাচ, নগদ ধন জব্দ কৰে ।
ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা