
গোলাঘাট, ০৩ জুলাই (হি.স.)। দেৰগাঁৱত বিতৰ্ক, জুবিন গাৰ্গৰ ফটো মচি পেলোৱাক লৈ প্ৰতিক্ৰিয়া।
ৰাজ্যৰ সাংস্কৃতিক জগতৰ প্ৰাণস্পন্দন, হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ পুনৰ এক বিতৰ্কৰ সৃষ্টি হৈছে দেৰগাঁৱত। দেৰগাঁও চাৰিআলিত থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ দেৱালত অংকন কৰা জুবিন গাৰ্গৰ এক সুন্দৰ ছবি অমানৱীয়ভাৱে মচি পেলোৱা কাৰ্যক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অভিযোগ অনুসৰি, দেৰগাঁও চাৰিআলিৰ মদন কংকানি নামৰ ব্যৱসায়ীজনে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ দেৱালৰ পৰা জুবিন গাৰ্গৰ এই ছবিখন মচি পেলায়। এই কাৰ্যক লৈ স্থানীয় ৰাইজৰ লগতে জুবিন অনুৰাগীসকলৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা গৈছে।
এই ঘটনাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে— যদিহে ছবিখন মচি পেলাবই আছিল, তেন্তে কিয় ইমান ধুমধামেৰে এই ছবিখন অংকন কৰা হৈছিল? এয়া কেৱল এজন শিল্পীৰ প্ৰতি অপমান নহয়, বৰঞ্চ তেওঁৰ অনুৰাগীসকলৰ আবেগৰ প্ৰতিও এক প্ৰকাৰৰ অৱমাননা বুলি চৰ্চা চলিছে।
ইতিমধ্যে, এই ঘটনাৰ পিছতে দেৰগাঁৱত বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত আছে। একাংশই ব্যৱসায়ীগৰাকীৰ এনে কাৰ্যক গৰিহণা জনোৱাৰ লগতে শিল্পীৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু