অসম বিধানসভাৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে যুৱ ভাৰতীয় সংসদ ২০২৬ গুৱাহাটী সংস্কৰণৰ
গুৱাহাটী, ০৩ জুলাই (হি.স.)। অসম বিধানসভাৰ প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে যুৱ ভাৰতীয় সংসদ ২০২৬ (ইয়ং ইণ্ডিয়ানছ পাৰ্লিয়ামেন্ট ২০২৬) অসম সংস্কৰণৰ। অসম তথা গুৱাহাটী সংস্কৰণৰ দুদিনীয়া অধিৱেশনৰ আজি অসম বিধানসভাৰ কেন্দ্ৰীয় সভাগৃ
অসম বিধানসভাৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে যুৱ ভাৰতীয় সংসদ ২০২৬ গুৱাহাটী সংস্কৰণৰ


অসম বিধানসভাৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে যুৱ ভাৰতীয় সংসদ ২০২৬ গুৱাহাটী সংস্কৰণৰ


গুৱাহাটী, ০৩ জুলাই (হি.স.)। অসম বিধানসভাৰ প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে যুৱ ভাৰতীয় সংসদ ২০২৬ (ইয়ং ইণ্ডিয়ানছ পাৰ্লিয়ামেন্ট ২০২৬) অসম সংস্কৰণৰ। অসম তথা গুৱাহাটী সংস্কৰণৰ দুদিনীয়া অধিৱেশনৰ আজি অসম বিধানসভাৰ কেন্দ্ৰীয় সভাগৃহত শুভাৰম্ভ হয়।

অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আৰু যুৱ ভাৰতীয় সংসদৰ যৌথ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে যুৱ প্ৰজন্মক সংসদীয় গণতন্ত্ৰ, নেতৃত্ব, শাসন ব্যৱস্থা, ৰাজহুৱা নীতি আৰু বিধান প্ৰণয়ন প্ৰক্ৰিয়াৰ বিষয়ে অধিক গভীৰ জ্ঞান প্ৰদান কৰাৰ লগতে তেওঁলোকৰ মাজত সচেতন, দায়িত্বশীল আৰু গণতান্ত্ৰিক মূল্যবোধসম্পন্ন নাগৰিক হিচাপে গঢ়ি তোলাৰ মানসিকতা বিকশিত কৰা। শিক্ষামন্ত্ৰী ডা. ৰণোজ পেগুৱে আজিৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মেধাৱী শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে।

ভাৰতৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মাজত সংসদীয় গণতন্ত্ৰ, নেতৃত্বৰ গুণ, যুক্তিবাদী চিন্তাধাৰা আৰু সামাজিক দায়বদ্ধতাৰ মানসিকতা গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱ সংসদ এক অনন্য পদক্ষেপ। বিগত দুবছৰে এই মঞ্চই যুৱ প্ৰজন্মক সংসদীয় কাৰ্যপ্ৰণালী, নীতি-নিৰ্ধাৰণ, আইন প্ৰণয়ন আৰু সাৰ্বজনীন বিষয়সমূহৰ ওপৰত যুক্তিসংগত আলোচনা কৰাৰ মূল্যৱান সুযোগ প্ৰদান কৰাৰ লগতে ভৱিষ্যতৰ সুস্থ গণতান্ত্ৰিক পৰিৱেশ গঢ়ি তোলাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

এই অনুষ্ঠানত অসমৰ ৩৩ খন জিলাৰ ৭১ খন বিদ্যালয়ৰ পৰা নিৰ্বাচিত ১৭০ গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে জিলা পৰ্যায়ত ১,০০০ ৰো অধিক শিক্ষাৰ্থীৰ মাজৰ পৰা নিৰ্বাচিত এই প্ৰতিভাৱান শিক্ষাৰ্থীসকলৰ পৰা নিৰ্বাচিত ২৫ গৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। আজিৰ অনুষ্ঠানটোৰ শুভাৰম্ভণি শিক্ষা মন্ত্ৰী ডা. ৰণোজ পেগুৱে কৰাৰ লগতে কাইলৈৰ সামৰণি অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিৎ কুমাৰ দাস উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। ভাৰতীয় উদ্যোগ সংঘ ( চি আই আই)ৰ উদ্যোগত তথা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড ( এ এছ এছ ই বি) ৰ সহযোগত আজিৰে পৰা এই যুৱ ভাৰতীয় সংসদ গুৱাহাটী সংস্কৰণৰ শুভাৰম্ভ হয়। আজিৰ শুভাৰম্ভণি অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা. পেগুৰ সৈতে এ এছ এছ ই বিৰ অধ্যক্ষ আৰ চি জৈন সহ বহু বিশিষ্ট লোক উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande