
শিৱসাগৰ, ০৩ জুলাই (হি.স.)। শিৱসাগৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ। শিৱসাগৰ আৰক্ষীৰ জালত কুখ্যাত লেডী ড্ৰাগছ মাফিয়া ভনী বেগম।তেওৰ বাসগৃহত শিৱসাগৰ আৰক্ষীৰ অভিযান ৷ ভনী বেগমৰ বাসগৃহত শিৱসাগৰ আৰক্ষীৰ অভিযান ৷ জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন ৷ এক গোপন সূত্ৰৰ পম খেদি সদৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল মেধিৰ নেতৃত্বত নগৰ উপ পৰিদৰ্শক দেৱাশীষ শৰ্মাই চলোৱা অভিযানত উদ্ধাৰ হৈছে প্ৰায় ৮ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ কেইবাটাও গল্ডেন টেমা ৷
কালি নিশা নগৰখনৰ চুকৰ গাঁও দিখৌ নদীৰ মথাউৰিৰ কাষৰ ভনী বেগমৰ বাসগৃহত বৃহৎ আৰক্ষীৰ দলে অভিযান চলাই জব্দ কৰে ড্ৰাগছ আৰু নগদ ধন৷ সদৰ আৰক্ষীৰ কৌশলী অভিযানত লেডী ড্ৰাগছ মাফিয়া ভনী বেগমৰ কন্যা ৰেছমা বেগমৰ পৰা বহু কেইটা কন্টেইনাৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছতেই ভনী বেগমৰ কন্যা ৰেছমা বেগমৰ সৈতে বাসগৃহটোত তালাচী চলোৱাত আৰু বহু পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হয় ৷
আৰক্ষীয়ে ভনী বেগমৰ বাসগৃহৰ পৰা তিনিটা গল্ডেন টেমাৰ লগতে নগদ ৩৭,৩৪০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷জব্দকৃত ড্ৰাগছ খিনিৰ ওজন ৪৬.০১ গ্ৰাম। দীৰ্ঘসময় ধৰি শিৱসাগৰত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল ভনী বেগম আৰু তেওঁৰ কন্যা ৰেচমা বেগমে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ