২৫ জুলাইৰ পৰা ১৩৫ সংখ্যক ডুৰাণ্ড কাপ, মোহন বাগান বনাম ইষ্ট বেংগলৰ মাজত উদ্ধোধনী মেচ
কলকাতা, ০৩ জুলাই (হি.স.)। এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ২৫ জুলাইৰ পৰা ঐতিহাসিক কলকাতা ডাৰ্বিৰ জৰিয়তে আৰম্ভ হ’ব । কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত উদ্বোধনী খেলখনত ১৭ বা
डूरंड टूर्नामेंट


डूरंड


কলকাতা, ০৩ জুলাই (হি.স.)। এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ২৫ জুলাইৰ পৰা ঐতিহাসিক কলকাতা ডাৰ্বিৰ জৰিয়তে আৰম্ভ হ’ব । কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত উদ্বোধনী খেলখনত ১৭ বাৰৰ বিজয়ী অভিলেখ গঢ়া মোহন বাগান ছুপাৰজায়েন্টছৰ মুখামুখি হ’ব ১৬ বাৰৰ বিজয়ী ইষ্ট বেংগল ফুটবল ক্লাব। শুকুৰবাৰে ডুৰাণ্ড কাপৰ আয়োজক সমিতিয়ে প্ৰতিযোগিতাখনৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰে।

মূলতঃ ভাৰতীয় সেনাৰ সৈতে জড়িত এইবাৰৰ প্ৰতিযোগিতাখনত ছটা গ্ৰুপত বিভক্ত ২৪টা দলে অংশগ্ৰহণ কৰিব। ২৫ জুলাইৰ পৰা ২৩ আগষ্টলৈ কলকাতা, ৰাঁচী, ইম্ফল, শ্বিলং, আৰু গুৱাহাটীত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ইয়াত দেশৰ আগশাৰীৰ ক্লাব, তিনিটা সশস্ত্ৰ বাহিনীৰ দল, উদীয়মান ফুটবল ক্লাব, আন্তঃৰাষ্ট্ৰীয় দলৰ অংশগ্ৰহণ থাকিব।

চ’নী স্প’ৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ লাইভ ষ্ট্ৰীমিং সেৱা চ’নীএলআইভিত উপলব্ধ হ’ব।

২০১৯ চনৰ পৰা ডুৰাণ্ড কাপৰ স্থায়ী আয়োজক হিচাপে পৰিগণিত হৈছে কলকাতা । এইবাৰ ইয়াত গ্ৰুপ এ আৰু বি খেল অনুষ্ঠিত হ’ব, য’ত মুকলি মেচ, দুখন কোৱাৰ্টাৰ ফাইনেল, প্ৰথমখন ছেমি ফাইনেল আৰু ফাইনেল।

গ্ৰুপ এত আছে মোহন বাগান ছুপাৰ জায়েন্টছ, ইষ্ট বেংগল ফুটবল ক্লাব, চাউথ ইউনাইটেড ফুটবল ক্লাব, আৰু চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফৰ্চ প্ৰটেক্টৰ। এই গ্ৰুপৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হ’ব ২৫ জুলাইত অনুষ্ঠিত হ’ব কলকাতা ডাৰ্বি। গ্ৰুপ পৰ্যায়ৰ চূড়ান্ত খেলখন অহা ১০ আগষ্টত মোহন বাগান ছুপাৰ জায়েন্টছ আৰু চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফৰ্চ প্ৰটেক্টৰছৰ মাজত অনুষ্ঠিত হ’ব।

গ্ৰুপ বিত আছে মহম্মদন স্প’ৰ্টিং ক্লাব, ইণ্ডিয়ান আৰ্মী ফুটবল টিম, বাঘপাট ফুটবল ক্লাব, আৰু অভিষেক ঘটোৱা সমলেশ্বৰী স্প’ৰ্টিং। এই গ্ৰুপৰ প্ৰথমখন খেল ২৬ জুলাইত ভাৰতীয় সেনা ফুটবল দল আৰু সমলেশ্বৰী স্প’ৰ্টিঙৰ মাজত অনুষ্ঠিত হ’ব, আনহাতে অন্তিমখন খেল ১২ আগষ্টত মহম্মদ স্প’ৰ্টিং ক্লাব আৰু ভাৰতীয় সেনা ফুটবল দলৰ মাজত অনুষ্ঠিত হ’ব।

প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন আয়োজন কৰা ৰাঁচীত গ্ৰুপ চিৰ সকলো খেল বীৰছা মুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই গোটত আছে জামছেদপুৰ ফুটবল ক্লাব, স্প’ৰ্টিং ক্লাব দিল্লী, ভাৰতীয় বায়ুসেনাৰ ফুটবল দল আৰু শ্ৰীলংকাৰ সশস্ত্ৰ বাহিনীৰ দল ডিফেণ্ডাৰছ ফুটবল ক্লাব । প্ৰথমখন মেচ ২৬ জুলাইত অনুষ্ঠিত হ’ব আৰু ফাইনেল ১৩ আগষ্টত অনুষ্ঠিত হ’ব ।

ইম্ফলত গ্ৰুপ ডিৰ খেল অনুষ্ঠিত হ’ব, য’ত ট্ৰাউ ফুটবল ক্লাব, নেৰ’কা ফুটবল ক্লাব, ফুটবল ক্লাব ৰেংদাই আৰু ভাৰতীয় নৌসেনাৰ ফুটবল দলে অংশগ্ৰহণ কৰিব। ২৮ জুলাইত ট্ৰাউ আৰু নেৰোকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া মণিপুৰ ডাৰ্বিৰ জৰিয়তে এই প্ৰতিযোগিতা আৰম্ভ হ’ব।

শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ ই মেচত শ্বিলং লাজং ফুটবল ক্লাব, লেংছনিং ফুটবল ক্লাব, নংকছেহ স্প’ৰ্টছ ছ’চিয়েল এণ্ড কালচাৰেল ক্লাব আৰু মুম্বাই ফুটবল ক্লাব অনুষ্ঠিত হ’ব। প্ৰথমখন মেচ ৩১ জুলাইত অনুষ্ঠিত হ’ব, ১৩ আগষ্টত অনুষ্ঠিত হ’বলগীয়া শ্বিলং ডাৰ্বি এই গ্ৰুপৰ আকৰ্ষণ হিচাপে পৰিগণিত হ’ব।

গুৱাহাটীত গ্ৰুপ এফত দুবাৰৰ ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব, বডোলেণ্ড ফুটবল ক্লাব, ফুটবল ক্লাব ৱান, আৰু কাৰ্বি আংলং মৰ্নিং ষ্টাৰ ফুটবল ক্লাব। ইয়াত ১ আগষ্টৰ পৰা আৰম্ভ হ’ব মেচ।

গ্ৰুপ পৰ্যায়ৰ পাছত গ্ৰুপ বিজয়ী ছয়গৰাকী আৰু শ্ৰেষ্ঠ ৰানাৰ্ছ আপ দুগৰাকীয়ে নক আউট পৰ্যায়লৈ আগবাঢ়িব। অহা ১৬ আৰু ১৭ আগষ্টত কোৱাৰ্টাৰ ফাইনেল, ১৯ আৰু ২০ আগষ্টত ছেমি ফাইনেল, ২৩ আগষ্টত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব ফাইনেল।

উল্লেখযোগ্য যে ১৮৮৮ চনত শিমলাত ডুৰাণ্ড কাপৰ আৰম্ভণি হৈছিল । পিছলৈ ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হোৱা এই প্ৰতিযোগিতাখন ২০১৯ চনৰ পৰা ইষ্টাৰ্ণ কমাণ্ডৰ পৃষ্ঠপোষকতাত কলকাতাত অনুষ্ঠিত হৈ আহিছে। বিজয়ী দলটোক ডুৰাণ্ড কাপ, শিমলা ট্ৰফী, ৰাষ্ট্ৰপতি কাপ আদিৰে সন্মানিত কৰা হয়।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande