
শোণিতপুৰ, ০৩ জুলাই (হি.স.)।
শোণিতপুৰৰ খনামুখৰ গ্ৰীণ ভিলেজ খ্যাত বালিগাওৰ জীয়া ভৰলীৰ কাষত ১৩৪ ইক' টাক্স ফ'ৰ্চৰ উদ্যোগত আৰু বালিপৰা ফাউণ্ডেশ্যন আৰু বালিগাও মিৰি গ্ৰীণ ভিলেজৰ সহযোগত বন মহোৎসৱ উপলক্ষে ২০০০ জোপা গছ পুলি ৰোপন কৰা হয়। জীয়া ভৰলী নদীৰ পাৰত গঢ়া খহনীয়া হোৱা স্থান সমূহত প্ৰায় দুই হাজাৰ গছ পুলি ৰোপন কৰা হয়।
অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে সমাজকৰ্মী কমিছন মিলিয়ে । উক্ত অনুষ্ঠানটোত উপস্থিত থাকে ১৩৪ ইক' টাক্স ফ'ৰ্চৰ মেজৰ অজয় সিনতালা, অৱসৰপ্ৰাপ্ত শিক্ষক বিনোদ মিলি, ৰঙাজান আঞ্চলিক পঞ্চায়তৰ সদস্য দেবেন মিলি, বালিপৰা ফাউণ্ডেশ্যনৰ বিষয় ববীয়া গৌতম বৰুৱা, বংকিম হাজৰিকাৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা