
কলকাতা, ০৩ জুলাই (হি.স.)। পশ্চিম বংগত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) ৰূপায়ণৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে বৃহস্পতিবাৰে পশ্চিম বংগ ইউনিফৰ্ম চিভিল কোড, ২০২৬ৰ খচৰা বিধেয়কত অনুমোদন জনায়। এতিয়া এই খচৰা বিধেয়কখন পুনৰীক্ষণ আৰু পৰামৰ্শৰ বাবে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই নেতৃত্বাধীন উচ্চ পৰ্যায়ৰ কমিটীৰ ওচৰত দাখিল কৰা হ’ব।
চৰকাৰী সূত্ৰ অনুসৰি অহা চাৰি সপ্তাহৰ ভিতৰত কমিটীয়ে খচৰা বিধেয়কখন পুনৰীক্ষণ কৰি ৰাজ্য চৰকাৰক পৰামৰ্শ দাখিল কৰিব। কমিটীৰ প্রতিবেদন লাভ কৰাৰ পাছত চৰকাৰে চূড়ান্ত বিধেয়ক প্রস্তুত কৰি আগষ্টত বিধানসভাৰ অধিৱেশনত দাখিল কৰিব৷
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ২৯ জুনত বিধানসভাত এই প্ৰস্তাৱিত আইন সন্দৰ্ভত এক উল্লেখযোগ্য ঘোষণা কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে ৰাজ্যখনৰ আদিবাসী, খিলঞ্জীয়া জনগোষ্ঠী, কুৰ্মী, আৰু অন্যান্য স্বীকৃতিপ্ৰাপ্ত প্ৰাচীন জনজাতীয় জনগোষ্ঠীসমূহ ইউনিফৰ্ম চিভিল কোডৰ পৰিসৰৰ পৰা বাদ পৰিব। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সিদ্ধান্ত উত্তৰাখণ্ড আৰু গুজৰাটত গ্ৰহণ কৰা আৰ্হিৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে, য’ত জনজাতীয় সম্প্ৰদায়ক বিশেষ ৰেহাই দিয়া হৈছে।
প্ৰস্তাৱিত ইউনিফৰ্ম চিভিল কোডৰ লক্ষ্য হৈছে ধৰ্মৰ ওপৰত ভিত্তি কৰি ৰাজ্যখনৰ পৃথক ব্যক্তিগত আইনসমূহৰ ঠাইত বিবাহ, বিবাহ বিচ্ছেদ, ভৰণ-পোষণ, দত্তক লোৱা, উত্তৰাধিকাৰ, আৰু সম্পত্তিৰ সৈতে জড়িত দেৱানী বিষয়সমূহৰ বাবে একেধৰণৰ আইনী ব্যৱস্থা ৰূপায়ণ কৰা। চৰকাৰে উল্লেখ কৰিছে যে ইয়াৰ দ্বাৰা সকলো নাগৰিকৰ বাবে সম অধিকাৰ আৰু একেধৰণৰ আইনী ব্যৱস্থা সুনিশ্চিত হ’ব আৰু বিভিন্ন ব্যক্তিগত আইনৰ পৰা উদ্ভৱ হোৱা বৈষম্য দূৰ হ’ব।
যদিহে এই বিধেয়কখন বিধানসভাই গৃহীত কৰি আইনত পৰিণত হয়, তেন্তে পশ্চিম বংগ দেশৰ ভিতৰতে ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ কৰা চতুৰ্থখন ৰাজ্য হিচাপে পৰিগণিত হ’ব। ইয়াৰ পূৰ্বে গুজৰাট, উত্তৰাখণ্ড আৰু অসমত ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰা হৈছিল।
ইউনিফৰ্ম চিভিল কোডৰ উপৰিও বৃহস্পতিবাৰে গভীৰ নিশা অনুষ্ঠিত কেবিনেট বৈঠকতো আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে সকলো বিভাগকে চৰকাৰী ব্যয় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ আৰু অপ্ৰয়োজনীয় ব্যয় তৎক্ষণাত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। চৰকাৰী সম্পদৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰাৰ লগতে আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত আৰ্থিক বোজা কমোৱাৰ বাবে বিভিন্ন সমাজ কল্যাণমূলক আঁচনিৰ অযোগ্য হিতাধিকাৰীক চিনাক্ত কৰি তৎকালীনভাৱে আঁতৰাই পেলোৱা উচিত বুলিও তেওঁ কয়।
ৰাজহ ফাদিল ৰোধৰ বাবে সকলো চৰকাৰী বিভাগকে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। বিশেষকৈ শিল কুৱেৰী আৰু বালি খননৰ দৰে খণ্ডত কৰ সংগ্ৰহৰ ওপৰত নিৰীক্ষণ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। চৰকাৰৰ মতে পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ দিনত এই খণ্ডসমূহত ব্যাপক দুৰ্নীতিৰ ফলত ৰাজহত যথেষ্ট লোকচান হৈছিল।
বৈঠকত কেবিনেটে সীমান্ত সুৰক্ষা সম্পৰ্কীয় প্ৰস্তাৱতো অনুমোদন জনায়। ইয়াৰ অধীনত বিভিন্ন জিলাৰ চৰকাৰী মালিকানাধীন ভূমি সীমান্ত সুৰক্ষা বাহিনী আৰু সাশাস্ত্ৰ সীমা বাললৈ স্থায়ীভাৱে হস্তান্তৰ কৰাত অনুমোদন জনোৱা হয়। এই মাটিখিনি সীমান্তৰ আউটপোষ্ট নিৰ্মাণ, সীমান্তৰ বেৰ নিৰ্মাণ, সীমান্ত অঞ্চলত পথ নিৰ্মাণকে ধৰি নিৰাপত্তা সম্পৰ্কীয় প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হ’ব।
তদুপৰি ৰাজ্যখনৰ ন্যায়িক ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৯খন জিলাত ৯খন নতুন ফাষ্টট্ৰেক আদালত স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। এই আদালতসমূহ পৰিচালনাৰ বাবে ৩৫টা নতুন পদ সৃষ্টিৰ বাবেও মন্ত্ৰীসভাই অনুমোদন জনায়।
ৰাজ্য চৰকাৰে কয় যে ইউনিফৰ্ম চিভিল কোডৰ লক্ষ্য হৈছে সকলো নাগৰিকৰ বাবে একেধৰণৰ নাগৰিক আইন ৰূপায়ণ কৰা, লগতে অনুসূচিত জনজাতি আৰু পৰম্পৰাগত সম্প্ৰদায়ৰ সাংবিধানিক অধিকাৰ আৰু পৰম্পৰাৰ সুৰক্ষাও নিশ্চিত কৰা। আগষ্ট মাহত বিধানসভাত বিধেয়কখন উত্থাপন হোৱাৰ পিছতে বিধেয়কখন ব্যাপক চৰ্চা হোৱাৰ সম্ভাৱনা আছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ