
গোলাঘাট, ০৩জুলাই (হি.স.)। গোলাঘাট সামাজিক বনানীকৰণ বন সংমণ্ডলৰ অন্তৰ্গত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়, সেউজ সৈনিক, দৈয়াং জ্যোতি বঁটা প্ৰাপক মৃদুল চন্দ্ৰ বৰা আৰু ইউ এন একাডেমী,চাংখাতিৰ যৌথ উদ্যোগত ৭৭তম বন মহোৎসৱ সপ্তাহ উপলক্ষে আজি চাংখাতিত গছ-পুলি ৰোপণ আৰু পুলি বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়।
অনুষ্ঠানত চাংখাতি অঞ্চলৰ ৰাইজৰ মাজত প্ৰায় ২,৫০০টা বিভিন্ন প্ৰজাতিৰ মূল্যবান গছ-পুলি বিতৰণ কৰা হয়। এই অনুষ্ঠানত গোলাঘাট সামাজিক বনানীকৰণ বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া ৰূপমজ্যোতি বৰুৱা আৰু চাংখাতি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী নীলকান্ত বসুমতাৰী উপস্থিত থাকি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গছ ৰোপণ আৰু যত্ন লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উপস্থিত ৰাইজেও এই পদক্ষেপক আদৰণি জনাই অধিক সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে।
সেউজীয়া আৰু সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ সমাজৰ প্ৰতিগৰাকী নাগৰিকক গছ ৰোপণ আৰু সংৰক্ষণত গুৰুত্ব দিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু