
ডিব্ৰুগড়, ০৩ জুলাই (হি.স.)। আৰক্ষীৰ জালত পৰিছে ডিব্ৰুগড়ৰ চাউলখোৱাৰ কুখ্যাত গৰু চোৰ মিন্টু আলি । গৰু চুৰিৰ লগতে মিন্টুৰ বিৰুদ্ধে আছে হত্যা, গুলীচালনা, ডকাইতি আদি বহু গোচৰ ।
উল্লেখ্য় যে যোৱা ১১ এপ্ৰিলত আবিদ হুছেইন নামৰ এজন যুৱকক চাউলখোৱাৰ ৰাজপথত দিন দুপৰতে গুলীয়াই পলায়ন কৰিছিল কুখ্যাত মিন্টু আলিয়ে । সেই দিন ধৰি মিন্টু আলি পলাতক হৈ আছিল। কালি মিন্টুয়ে অন্তৱৰ্তী কালীন জামিন লৈ ওলাই আহিছিল যদিও মিন্টুৰ বিৰুদ্ধে ৰুজু হৈ থকা আন এক গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা