তামুলপুৰ জিলাৰ চৰনজংঘলত পাগলাদিয়া নদীৰ ব্যাপক গৰাখহনীয়া
তামুলপুৰ, ০৩ জুলাই (হি.স.)। তামুলপুৰ জিলাৰ চৰনজংঘলত পাগলাদিয়া নদীৰ ব্যাপক গৰাখহনীয়াৰ তাণ্ডৱ চলিব ধৰিছে ৷ পাগলাদিয়াৰ পূৱ পাৰত অৱস্থিত গাঁও খনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে ৷ খহনীয়াৰ বাবেই ৰবিৰাম ৰাভ নামৰ লোকজনৰ ঘৰ বাৰী জাহ গ’ল নদীৰ বুকুত ৷ লগতে

আন ১০/১২ টা পৰিয়ালৰ প্ৰতিও ভাবুকি আহিছে ৷ চৰনজংঘল গাঁৱৰ নদী খনৰ পাৰত থকা চুবুৰীটোৰ ৭০ টা পৰিয়ালৰ প্ৰতি নদীখনৰ গৰাখহনীয়াই আনিছে তীব্ৰ ভাবুুকি।

উল্লেখ্য় যে ছয়মাহ পূৰ্বে স্থাপন কৰা জিঅ’ বেগৰ মথাউৰি খহাই পেলাই নদীৰ তীব্ৰ সোঁতে। আজিও অসম্পূৰ্ণ হৈ আছে নদীখনৰ পূৱ পাৰত স্থাপন কৰা জিঅ’ বেগৰ কাম ৷ আধৰুৱা কাম খিনি শীঘ্ৰে সমাপ্ত কৰিবলৈ ৰাইজে আহ্বান জনাইছে ৷ চৰনজংঘল গাঁৱৰ নদী বুকুত ঘৰবাৰী জাহ যোৱা পৰিয়ালটো আশ্ৰয় লৈ আছে নদীৰ কাষৰ এটি গোহালি সদৃশ চালি ঘৰত । এফালে বিচনা আনফালে গৰু গোহালি ৷তাতেই এক অবৰ্ণনীয় অৱস্থাত দিন কটাইছে ৰবিৰাম ৰাভাৰ পৰিয়ালটোৱে। আনহাতে কোনো জনপ্ৰতিনিধিয়ে পৰিয়াল তথা গৰাখহনীয়াৰ কৱলত পৰা চৰনজংঘলৰ পৰিয়াল কেইটাৰ খবৰ লোৱা নাই বুলিও অভিযোগ কৰে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

 rajesh pande