হত্যাৰ অপচেষ্টা চলোৱা সুৰেণ কুৰ্মীক ১০বছৰ সশ্ৰম কাৰাদণ্ড
শোণিতপুৰ, ০৩ জুলাই (হি.স.)। প্ৰায় পাঁচবছৰৰ পূৰ্বে এজন ব্যক্তিক হত্যাৰ অপচেষ্টা চলোৱা এজন অভিযুক্তক আজি তেজপুৰত আদালতে দোষী সাব্যস্ত কৰি সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে ৷ উল্লেখযোগ্য যে, শোণিতপুৰৰ ঠেলামৰাৰ দ গাঁৱত ২০২১ৰ পাঁচ জুলাইত অঞ্চলটোৰ সুৰেণ কু
হত্যাৰ অপচেষ্টা চলোৱা সুৰেণ কুৰ্মীক ১০বছৰ সশ্ৰম কাৰাদণ্ড তেজপুৰত


শোণিতপুৰ, ০৩ জুলাই (হি.স.)। প্ৰায় পাঁচবছৰৰ পূৰ্বে এজন ব্যক্তিক হত্যাৰ অপচেষ্টা চলোৱা এজন অভিযুক্তক আজি তেজপুৰত আদালতে দোষী সাব্যস্ত কৰি সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে ৷ উল্লেখযোগ্য যে, শোণিতপুৰৰ ঠেলামৰাৰ দ গাঁৱত ২০২১ৰ পাঁচ জুলাইত অঞ্চলটোৰ সুৰেণ কুৰ্মী নামৰ লোকজনে বুবু কোঁচক প্ৰাণ নাশৰ অপচেষ্টা চলাইছিল ৷

কুৰ্মীৰ আক্ৰমণত আহত হোৱা বুবু কোঁচৰ পিতৃ গৰ্গৰাম কোঁচে ঠেলামৰা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত পঞ্জীয়ন হোৱা ৯২/২০২১নম্বৰ গোচৰৰ ভিত্তিত তেজপুৰ জিলা ও সত্ৰ ন্যায়ালয়ত ভাৰতীয় দণ্ড বিধিৰ ৩০৭ আৰু ৩২৩ধাৰত এই গোচৰৰ বিচাৰপ্ৰক্ৰিয়া চলিছিল। ইয়াৰ অন্তত আজি তেজপুৰ জিলা ও সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে সুৰেন কুৰ্মীক দোষী সাব্যস্ত কৰি ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান কৰে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande