
–মাংগলিক পৰিৱেশত বিশিষ্টজনৰ উপস্থিতিত শুভাৰম্ভণি
–বিদ্যালয়ৰ দৰে নিয়মানুৱৰ্তিতা আৰু সময়ানুবৰ্তিতা বজাই ৰাখিবলৈ প্ৰশিক্ষাৰ্থী সকলক আহ্বান সভাপতি বংকিম শৰ্মাৰ
–চাৰি প্ৰাক্তন প্ৰশিক্ষাৰ্থীয়ে ৰচনা কৰা শিশু নাট মঞ্চস্থ হ'ব নটসূৰ্য্য ফণী শৰ্মাৰ স্মৃতি দিৱসত
শোণিতপুৰ, ০৩ জুলাই (হি.স.)। তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ মাহজোৰা গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ এক মাংগলিক পৰিৱেশত শুভাৰম্ভ হয় । উল্লেখ্য যে ২০১০ বৰ্ষৰ পৰাই নতুন প্ৰজন্মক নাটশিল্পৰ প্ৰতি পাৰদৰ্শী কৰি গঢ়ি তোলাৰ লক্ষ্যৰে শিক্ষাৰ্থী সকলৰ গ্ৰীষ্মকালীন বিদ্যালয় বন্ধৰ সময়চোৱাত শিশু নাট কৰ্মশালাৰ আয়োজন কৰি আহিছে । অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে অনুষ্ঠিত কৰাএই কৰ্মশালাৰ জৰিয়তেই প্ৰতি বছৰে একো একো দল নাটশিল্পৰ পাৰদৰ্শী শিশু আৰু কিশোৰ কিশোৰীৰ আত্ম প্ৰকাশ ঘটাৰ পিছত এইবাৰো এই মাহজোৰা শিশু নাট কৰ্মশালাৰ যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া বন্তি প্ৰজ্বলন আৰু ধূপ প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ক্ৰমে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু উপসভাপতিদ্বয় ভৱানন্দ দাস আৰু মৃগেন চন্দ্র বড়াই ।
বাণ থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সাধাৰণ পৰিচালক ভূপেন শৰ্মা, সম্পাদক দেৱব্ৰত শৰ্মা, প্ৰাক্তন সম্পাদক দ্বীজেন নাথ, সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, প্ৰাক্তন সংগীতাধিকাৰ জিন্টু বৰঠাকুৰ, প্ৰাক্তন সম্পাদক হেমন্ত কুমাৰ শৰ্মা, গ্ৰন্থাগাৰিক ভূপেন বৰুৱাৰ লগতে কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া তথা সদস্যৰ উপৰি উপস্থিত প্ৰশিক্ষাৰ্থী সকলৰ একাংশ অভিভাৱকেও ধূপ প্ৰজ্বলন কৰে ।বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আদৰণী ভাষণ আগবঢ়োৱাৰ লগতে শিশু নাট কৰ্মশালাৰ অন্যতম তত্বাৱধায়ক প্ৰাক্তন সম্পাদক দ্বীজেন নাথৰ লগতে সভাপতি বংকিম শৰ্মাই অনুষ্ঠানটিত ভাষণ আগবঢ়াই প্ৰশিক্ষাৰ্থী সকলক বিদ্যালয়ৰ দৰে এই কৰ্মশালাতো নিয়মানুৱৰ্তিতা আৰু সময়ানুবৰ্তিতা বজাই ৰাখিবলৈ আহ্বান জনায়।
উল্লেখ্য অনুষ্ঠানটিত সম্পাদক পংকজ বৰুৱাই কৰ্মশালাৰ তত্বাৱধানত জড়িত হৈ থাকিব লগা গৌতম পাঠক ,মুন ডেকা, কিশোৰ শৰ্মা, হেমধৰ দাস আৰু গৌতম কোঁচক চিনাকি কৰি দিয়াৰ লগতে প্ৰাক্তন সম্পাদক দ্বীজেন নাথে এইবাৰ কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলে নিবেদন কৰিব লগা শিশু নাটখনৰ ৰচয়িতা চাৰিগৰাকী প্ৰাক্তন প্ৰশিক্ষাৰ্থী ক্ৰমে -নিষ্ঠা মহন্ত, অদিতী তালুকদাৰ, জাকৃতি কৌণ্ডিন্য আৰু প্ৰিয়াক্ষী মধুকল্যক উপস্থিত সকলোৰে সন্মুখত চিনাকী কৰাই দিয়ে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ