
গুৱাহাটী, ০৩ জুলাই(হি.স.)। নাৰেংগী মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ ২১ বছৰীয়া সৌৰভ দাসক শুকুৰবাৰে পুৱাই গীতামন্দিৰ অঞ্চলৰ গুৰুকুল ব্যাকৰণ বিদ্যালয়ৰ সমীপৰ নিজা ঘৰৰ গাধোৱা কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।
পৰিয়ালৰ সদস্য আৰু স্থানীয় সূত্ৰে জানিব পৰা অনুসৰি, শুকুৰবাৰে সন্ধিয়া সৌৰভে নিজৰ বাসগৃহৰ পৰা বন্ধুৰ জন্মদিনৰ পাৰ্টিত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছিল। গভীৰ নিশালৈকে চলি থকা পাৰ্টিত তেওঁক বন্ধু-বান্ধৱীৰ সৈতে শেষবাৰৰ বাবে দেখা গৈছিল।
পুৱা ৬ বজাত ঘৰলৈ উভতি আহিল। কিন্তু তেওঁ উভতি অহাৰ কিছু মুহূৰ্তৰ ভিতৰতে শুকুৰবাৰে বাথৰুমৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ।
তেওঁক বচাবলৈ পৰিয়ালৰ লোকে ততাতৈয়াকৈ গীতনগৰৰ সমীপৰ চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে অৱশ্যে তেওঁক মৃত বুলি ঘোষণা কৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ