
তিনিচুকিয়া, ০৩জুলাই (হি.স.)। অসম–অৰুণাচল সীমান্তৱৰ্তী জাগুনত বন বিভাগ আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত চোৰাং কাঠভৰ্ত্তি এখন ট্ৰাক জব্দ কৰা হৈছে। এএছ ০১ এনচি ৯৮৭৯ নম্বৰৰ ট্ৰাকখন অৰুণাচল প্ৰদেশৰ মেওৰ পৰা মূল্যৱান কাঠ কঢ়িয়াই তিনিচুকীয়া অভিমুখে আহি থকা অৱস্থাত জাগুনত জব্দ কৰা হয় ।
অভিযানৰ সময়ত ট্ৰাক খনত বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ উদ্ধাৰ কৰা হয়। ইয়াৰ পিছতে বন বিভাগে ট্ৰাকখন আৰু কাঠখিনি নিজৰ জিম্মালৈ লৈ কাঠসমূহৰ বৈধ নথি-পত্ৰ, পৰিবহন অনুমতি আৰু উৎস সম্পৰ্কে বিস্তৃত তদন্ত আৰম্ভ কৰিছে।
বন বিভাগ আৰু আৰক্ষীৰ সন্দেহ, ঘটনাটোৰ সৈতে এক সক্ৰিয় চোৰাং কাঠ সৰবৰাহ চক্ৰ জড়িত থাকিব পাৰে। ট্ৰাক খনৰ মালিক, চালক আৰু জড়িত অন্যান্য ব্যক্তিৰ পৰিচয় উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত আছে।
উল্লেখ্য যে, অসম–অৰুণাচল সীমান্তত দীৰ্ঘদিন ধৰি চোৰাং কাঠ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈ আহিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু