
- সীতাৰমণে কয় ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্ব অব্যাহত আছে শক্তিশালী
নতুন দিল্লী, ০৩ জুলাই (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ফ্ৰান্সৰ ব্যৱসায়ী আৰু বিনিয়োগকাৰীক ‘উন্নত ভাৰত ২০৪৭’ৰ যাত্ৰাত ভাৰতৰ সৈতে অংশীদাৰিত্বৰ বাবে আমন্ত্ৰণ জনায়। ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ ভাগ-বতৰা সমৃদ্ধিৰ বাবে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বৃহস্পতিবাৰে পেৰিছত ভাৰত-ফ্ৰান্স ব্যৱসায়িক গোলটেবুলত ভাষণ দি এই মন্তব্য কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। প্ৰযুক্তি, উদ্ভাৱন, শক্তি, ডিজিটেল উন্নয়নৰ ক্ষেত্ৰত দুয়োখন দেশে একেলগে কাম কৰি আছে বুলিও কয় ছানীয়ে। সীতাৰমনে কয় যে ভাৰত আৰু ফ্ৰান্সৰ মাজত কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী হৈ আছে। তেওঁ ফ্ৰান্সৰ বিনিয়োগকাৰীসকলক জীৱন বিজ্ঞান, ভেকচিন, সক্ৰিয় ঔষধ উপাদান (এপিআই), ক্লিনিকেল গৱেষণা, নিখুঁত চিকিৎসা, আৰু ডিজিটেল স্বাস্থ্যৰ পৰিপূৰক শক্তিৰ সহায় লৈ স্বাস্থ্যসেৱা, ঔষধ, আৰু জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অংশীদাৰিত্ব অন্বেষণ কৰি স্থিতিস্থাপক স্বাস্থ্যসেৱাৰ মূল্য শৃংখল গঢ়ি তুলিবলৈ আহ্বান জনায়।
বিত্তমন্ত্ৰী সীতাৰমণে উল্লেখ কৰে যে ভাৰত আৰু ফ্ৰান্স এআইৰ ক্ষেত্ৰত বিশ্বাসযোগ্য অংশীদাৰ। তেওঁ উল্লেখ কৰে যে ভাৰতত প্ৰায় ১০০০ ফৰাচী কোম্পানীয়ে কাম কৰি আছে। ভাৰতৰ বিত্তীয় পৰিৱেশৰ কথা উল্লেখ কৰি নিৰ্মলা সীতাৰমণে কয় যে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণ (আই এফ এছ চি এ) এক আগশাৰীৰ বিশ্বব্যাপী বিত্তীয় কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বিত্তমন্ত্ৰীয়ে কয় যে ২০২৬ চনৰ জুন মাহলৈকে সংস্থাটোৰ সৈতে ১২০০ৰো অধিক সত্তা পঞ্জীয়ন কৰা হৈছে, বেংকিং সম্পত্তি ১১১ বিলিয়ন মাৰ্কিন ডলাৰ আৰু সঞ্চিত বেংকিং লেনদেন ১৭৬ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে।
তেওঁ উল্লেখ কৰে যে বেংকিং, ট্ৰেজাৰী মেনেজমেণ্ট, লিজিং, গ্ল’বেল কম্পিটেন্স চেণ্টাৰ (জিচিচি), পুনৰ্বীমা, আৰু বহনক্ষম বিত্তীয় আদি খণ্ডত সুযোগ দ্ৰুতগতিত বৃদ্ধি পাইছে। তেওঁ কয় যে ভাৰত আৰু ফ্ৰান্স বিশ্ব কৃত্ৰিম বুদ্ধিমত্তা (AI) পৰিৱেশ তন্ত্ৰ গঢ় দিয়াৰ ক্ষেত্ৰত বিশ্বাসযোগ্য অংশীদাৰ আৰু বিশ্বাসযোগ্য AI, ডিজিটেল আন্তঃগাঁথনি আৰু পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ কৰিব পাৰে। সীতাৰমণে কয় যে আধাৰ, ইউপিআই, ডিজিলকাৰ, অ’এনডিচি আৰু ইণ্ডিয়া ষ্টেকৰ দৰে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ দ্বাৰা চালিত ভাৰতৰ ডিজিটেল অৰ্থনীতিয়ে বিশ্বৰ প্ৰায় আধা ৰিয়েল টাইম ডিজিটেল পেমেণ্ট নিয়ন্ত্ৰণ কৰে ।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ