
তিনিচুকিয়া, ০৩ জুলাই (হি.স.)। বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশনাৰ পিছতে সষ্টম হৈ পৰিছে ডিগবৈ বনসংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়। ডিগবৈ,চৰাইপুং আৰু লক্ষীপথাৰ বন আঞ্চলিক কাৰ্য্যালয় এলেকাধীন বিভিন্ন অঞ্চলত অবৈধ কাঠফলা কল স্থাপন কৰি দীৰ্ঘদিন ধৰি অসাধু ব্যৱসায় চলাই অহা দুষ্ট চক্ৰৰ বিৰুদ্ধে বন বিভাগ এইবাৰ সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে।
ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও স্থানত বন বিভাগে অভিযান চলাই ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰীৰ ৰোহিনী কুমাৰ দাসৰ তত্বাবধানত সহকাৰী বন সংৰক্ষক ক্ৰিছ হানছেৰ নেতৃত্বত আৰু ডিগবৈ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া মানস প্ৰতিম বৰাৰ বৃহৎ দলটোৰ সৈতে প্ৰটেকচন স্কোৱাড ৰেঞ্জৰ কৰ্মী সকলে যুটীয়া অভিযান চলাই ডিগবৈৰ গোলাই, লক্ষীপথাৰ আৰু চৰাইপুং অঞ্চলত অবৈধ কাঠফলা মিল উৎখাত কৰাকে ধৰি বৰ্তমানলৈকে ডিগবৈ বন সংমণ্ডল এলেকাত মুঠ ৭টা অবৈধ কাঠফলা মিল উৎখাত কৰিবলৈ সক্ষম হৈছে।
অভিযানকাৰী দলটোৱে গছ কটা কামত ব্যৱহৃত মটৰ আৰু অন্যান্য যন্ত্ৰাংশ জব্দ কৰি লৈ যায়। বৰ্তমানেও অধিক অবৈধ কাঠ ফলা কল উৎখাত কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে বুলি বন বিভাগৰ এক সূত্ৰত প্ৰকাশ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু