ওদালগুৰিৰ ৰৌতাত কৃষি ক্ষেত্রত খেতিয়কে লব লগা মৌলিক সাৱধানতা সন্দৰ্ভত সজাগতা সভা ও প্রশিক্ষণ শিৱিৰ
ওদালগুৰি, ০৩ জুলাই (হি.স.)। ওদালগুৰিৰ ৰৌতাত হীল (ইণ্ডিয়া) লিমিটেড (HIL India Limited) আৰু লালপুলস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, ওদালগুৰিৰ যৌথ প্রচেষ্টাত সজাগতা সভা ও প্রশিক্ষণ শিৱিৰ অনুষ্ঠিত হয় | অনুষ্ঠানত বৃহত্তৰ জিলাখনৰ প্রায় শতাধিক কৃষকে অংশগ্রহণ
ওদালগুৰিৰ ৰৌতাত কৃষি ক্ষেত্রত খেতিয়কে লব লগা মৌলিক সাৱধানতা সন্দৰ্ভত সজাগতা সভা ও প্রশিক্ষণ শিৱিৰ


ওদালগুৰি, ০৩ জুলাই (হি.স.)। ওদালগুৰিৰ ৰৌতাত হীল (ইণ্ডিয়া) লিমিটেড (HIL India Limited) আৰু লালপুলস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, ওদালগুৰিৰ যৌথ প্রচেষ্টাত সজাগতা সভা ও প্রশিক্ষণ শিৱিৰ অনুষ্ঠিত হয় | অনুষ্ঠানত বৃহত্তৰ জিলাখনৰ প্রায় শতাধিক কৃষকে অংশগ্রহণ কৰে | অনুষ্ঠানত কৃষকসকলৰ মাজত বিতৰণ কৰা হয় খেতিপথাৰত কীটনাশক দ্ৰব্য প্ৰয়োগৰ সময়ত ব্যৱহাৰ কৰিব লগীয়া মাস্ক, বিশেষ চচমা, হাতমোজা আদি প্রয়োজনীয় সামগ্রী |* কৃষি ক্ষেত্রত খেতিয়কে লব লগা মৌলিক সাৱধানতা, খেতি পথাৰত কীটনাশক প্রয়োগৰ সময়ত কৃষকে লব লগা সাৱধানতাৰ বিষয়ে বিষদভাৱে আলোচনা কৰা হয় অনুষ্ঠানটোত |

লগতে, কৃষিক্ষেত্রত ৰাসায়নিক সাৰ প্ৰয়োগৰ মাত্রা হ্রাস কৰি জৈৱিক সাৰৰ মাত্রা বৃদ্ধি কৰি কেনেধৰণে কৃষকৰ ফচল বৃদ্ধি কৰিব পাৰি তাৰ ওপৰতো বিস্তৃত আলোকপাত কৰা হয় ৰৌতাৰ লালপুলস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত সজাগতা সভা ও প্রশিক্ষণ শিৱিৰত | অনুষ্ঠানত উপস্থিত থাকে HIL ইন্ডিয়া লিমিটেডৰ এচিষ্টেন্ট জেনেৰেল মেনেজাৰ প্রার্থ প্রতীম প্রধান, লালপুলস্থিত কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী তথা জেষ্ঠ বিজ্ঞানী ড০ দিগন্ত শর্মা, ওদালগুৰি জিলা কৃষি বিভাগত বিষয়া কুলেন ডেকা, ভাৰতীয় কিষান সংঘৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰাৰ লগতে বিজ্ঞান কেন্দ্ৰৰে জড়িত ক্ৰমে ড০ হিমাদ্রী ৰাভা, ড০ প্রিয়ংকা বৰা, ড০ নিশিতা পাঠক, ড০ পল্লবী ডেকা, সুব্রত দত্ত বনিক, কমজিৎ বায়ন, ৰাজেশ যাদব আদি বিষয়া সকল উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande