
তামুলপুৰ, ০৩ জুলাই (হি.স.)। বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত জিলা পৰ্যায়ৰ পৰ্যালোচনা সভাত সভাপতিত্ব কৰি জিলা খনত চলি থকা বিভিন্ন আন্তঃগাঁথনি আৰু উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰে। এই পৰ্যালোচনা সভাত অসমৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম; ক্ৰীড়া আৰু যুৱ কল্যাণ; দক্ষতা, নিয়োগ আৰু উদ্যমিতা তথা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়েও উপস্থিত থাকি বিটিচি প্ৰধানৰাকীৰ সৈতে বিভিন্ন উন্নয়নমূলক কামৰ অগ্ৰগতি পৰ্যালোচনা কৰে।
সভাত বিটিচি, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ অধীনত লোকনিৰ্মাণ বিভাগ (পথ আৰু গৃহ), পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু পৌৰ প্ৰশাসন বিভাগে ৰূপায়ণ কৰি থকা প্ৰকল্প সমূহৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। পৰ্যালোচনা কৰা আঁচনি সমূহৰ ভিতৰত ৰাজ্যৰ নিজা অগ্ৰাধিকাৰ উন্নয়ন কাৰ্যসূচী (SOPD), ৰাজ্যিক উন্নয়ন কাৰ্যসূচী (SDP), গুডউইল ফাণ্ড, আন্তঃগাঁথনি উন্নয়ন পুঁজি (IDF), অসমমালা, মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনি (MMUPPNA), প্ৰধানমন্ত্ৰী গ্ৰাম ছড়ক যোজনা (PMGSY) আদি উল্লেখযোগ্য।
ইয়াৰ উপৰি ২০২৪–২৫ আৰু ২০২৫–২৬ বিত্তীয় বৰ্ষৰ বাবে পঞ্চদশ বিত্ত আয়োগ আৰু ষষ্ঠ অসম ৰাজ্যিক বিত্ত আয়োগ (ASFC)-ৰ অধীনত গ্ৰাম্য স্থানীয় সংস্থা (RLB) আৰু নগৰীয়া স্থানীয় সংস্থা (ULB)-লৈ আবণ্টন কৰা টাইড্ (Tied) আৰু আনটাইড্ (Untied) অনুদানৰ জৰিয়তে ৰূপায়ণ হৈ থকা কামসমূহৰ অগ্ৰগতিৰো সভাত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। সভাত বিটিচি প্ৰধানগৰাকীয়ে অব্যাহত থকা বিভিন্ন প্ৰকল্পৰ সময়মতে ৰূপায়ণত বাধাৰ সৃষ্টি কৰি থকা মুখ্য সমস্যা সমূহ চিনাক্ত কৰি সংশ্লিষ্ট বিভাগীয় মুৰব্বী সকলক তাৎক্ষণিক সংশোধনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। লগতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পুঁজিৰ সৰ্বোত্তম ব্যৱহাৰ নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
তেওঁ সকলো উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ সমন্বয় বজাই ৰখাৰ ওপৰত জোৰ দিয়ে আৰু পুঁজিৰ অপব্যৱহাৰ অথবা আন্তঃগাঁথনিৰ গুণগত মানত আপোচ হ'ব পৰা যিকোনো ত্ৰুটিৰ বিৰুদ্ধে সতৰ্ক কৰে। বিটিচিপ্ৰধান গৰাকীয়ে সকলো চলি থকা কামৰ নিয়মীয়া আৰু সুসংগঠিত ক্ষেত্ৰ পৰ্যায়ৰ তদাৰকীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, আজিৰ সভাত যিবোৰ উন্নয়নমূলক অগ্ৰগতিৰ খতিয়ান দাঙি ধৰা হৈছে, সেইবোৰ পৰিদৰ্শন কৰিলে আমাৰ স্থানীয় জনপ্ৰতিনিধি সকল ফিল্ডলৈ যাব আৰু তাৰ পৰ্যালোচনা অহা ছেপ্টেম্বৰ-অক্টোবৰ মাহত কৰা হ'ব।
বিভাগীয় বিষয়া আৰু ৰূপায়ণকাৰী সংস্থাসমূহক দায়বদ্ধতা, সক্ৰিয়তা আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অধিক দায়িত্বশীল হ'বলৈ তেওঁ আহ্বান জনায়। তদুপৰি স্থানীয় মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে সম্পূৰ্ণ হোৱা কামবোৰ আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ বিভাগীয় মুৰব্বী সকলক আহ্বান জনায়। সভাত বিধায়ক ভিক্তৰ দাস, বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী, গণেশ কছাৰী, লক্ষী দাস আৰু ৰেখাৰাণী দাস বড়ো, বিটিচিৰ সচিব অনছুলা বসুমতাৰী, তামুলপুৰৰ জিলা আয়ুক্ত ছিমি কৰণ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী আৰু সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ