
গুৱাহাটী, ০৩ জুলাই (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই অমৃত ভাৰত ষ্টেচন আঁচনিৰ (এবিএছএছ)ৰ অধীনত ১২ কোটিতকৈ অধিক টকাৰ ব্যয়সাপেক্ষে মাজবাট ৰেলৱে ষ্টেচনটো পুনৰ্বিকাশৰ কাম সম্পূৰ্ণ কৰিছে। এই পদেক্ষেপে ৰে’ল যাত্ৰীসকলৰ বাবে সমগ্ৰ অঞ্চলটোত অত্যাধুনিক মানসম্পন্ন যাত্ৰী সা-সুবিধা আৰু আধুনিক ৰেলৱে আন্তঃগাঁথনি উপলব্ধ কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ়ভাৱে প্ৰতিফলিত কৰিছে।
উত্তৰ-পূব সীমান্ত ৰেলৱে সংমণ্ডলত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত চিনাক্ত কৰা ৯২ টা ষ্টেচনৰ ভিতৰত মাজবাট ষ্টেচনটো অন্যতম আৰু ইয়াৰে ৬০টা ষ্টেচন উত্তৰ-পূৰ্ব্বাঞ্চলত অৱস্থিত হোৱাৰ লগতে ৫০টা ষ্টেচন অসমত অন্তৰ্ভূক্ত হৈছে। মাজবাট ৰেলৱে ষ্টেচন উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰঙিয়া মণ্ডলৰ অন্তৰ্গত আৰু অসমৰ ওদালগুড়ী জিলাৰ বাবে এক গুৰুত্বপূৰ্ণ ৰে’ল সংযোগ কেন্দ্ৰ স্থান। ষ্টেচনটোৰ পুনৰ্বিকাশ প্ৰকল্প যাত্ৰীসকলৰ সা-সুবিধা, সুলভগম্যতা আৰু সামগ্ৰিক ভ্ৰমণ অভিজ্ঞতা উন্নত কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা হৈছে। একে সময়তে, ষ্টেচনটোৰ আঞ্চলিক পৰিচয় আৰু আঞ্চলিক ঐতিহ্য অক্ষুণ্ণ ৰখাৰ প্ৰতিও বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত মাজবাট ৰে'লৱে ষ্টেচনৰ পুনৰ্বিকাশৰ ফলত ষ্টেচনটোৰ আন্তঃগাঁথনিৰ সৰ্বাংগীন ৰূপান্তৰ সাধন হৈছে। এই প্ৰকল্পৰ অধীনত চিভিল, বৈদ্যুতিক আৰু চিগনেলিং কামকাজসমূহ সফলতাৰে সম্পূৰ্ণ কৰাৰ লগতে পুনৰ্বিকাশৰ পিছত ষ্টেচনটোৱে আধুনিক আৰু নান্দনিক ৰূপ লাভ কৰিছে। ষ্টেচনটোৰ উন্নত সন্মুখভাগ, আহল বহল প্ৰৱেশযোগ্য বাৰাণ্ডা, উন্নত অপেক্ষা কক্ষ, বিস্তৃত প্ৰচলন এলেকা, নতুন টয়লেট ব্লক, উন্নত প্ৰৱেশ পথ আৰু নৰ্দমা ব্যৱস্থা, প্লেটফৰ্ম শ্বেলটাৰ আৰু অন্যান্য যাত্ৰীকেন্দ্ৰিক আন্তঃগাঁথনিৰ নিৰ্মাণেৰে ষ্টেচনটোত বৰ্তমানে যাত্ৰীসকলৰ সুবিধাৰ বাবে বিভিন্ন আধুনিক আন্তঃগাঁথনি গঢ়ি তোলা হৈছে । যাত্ৰীৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে প্লেটফৰ্ম নং ১ সম্প্ৰসাৰিত কৰা হৈছে যাতে সম্পূৰ্ণ দৈৰ্ঘ্যৰ ৰেলগাড়ীসমূহৰ চলাচল কৰিবলৈ সুবিধা প্ৰদান কৰিব পৰা যায় লগতে টেকটাইল পেভিং, দিৱ্যাংজন অনুকূল খোৱাপানীৰ ব্যৱস্থা আৰু সকলো যাত্ৰীৰ সুগম প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ অৰ্থে দুখন লিফ্ট উপলব্ধ কৰা হৈছে । এই পুনৰ্বিকাশৰ অংশ হিচাপে আধুনিক বৈদ্যুতিক আন্তঃগাঁথনিৰ সৈতে অত্যাধুনিক আলোকসজ্জা, এয়াৰ কণ্ডিচনড অপেক্ষা কক্ষৰ সুবিধা, মোবাইল চাৰ্জিং পইণ্ট, উন্নত প্লেটফৰ্ম ৱায়াৰিং আৰু আলোকসজ্জিত প্ৰৱেশ পথৰ জৰিয়তে ৰেলযাত্ৰীৰ সা-সুবিধা অধিক সুগম কৰি তোলা হৈছে। ইয়াৰ উপৰিও কোচ গাইডেন্স ব’ৰ্ড (চিজিবি) আৰু ট্ৰেইন ইণ্ডিকেচন ব’ৰ্ড (টিআইবি) স্থাপনেৰে যাত্ৰী তথ্য আৰু পৰিচালন দক্ষতা অধিক উন্নত কৰি তোলা হৈছে, পৰিণামস্বৰূপে ৰেলযাত্ৰীসকলক অধিক উন্নত, সুশৃংখল আৰু আধুনিক সেৱা আগবঢ়াবলৈ অধিক সক্ষম হৈ উঠিছে।
মাজবাট ষ্টেচনৰ এই পুনৰ্বিকাশে আধুনিক, নিৰাপদ আৰু অন্তৰ্ভুক্তিমূলক আন্তঃগাঁথনিৰ জৰিয়তে যাত্ৰী সুবিধা বৃদ্ধি কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অবিৰত দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এই ষ্টেচনটো সম্পূৰ্ণৰূপে সক্ৰিয় হৈ উঠাৰ লগতে এই উন্নত ষ্টেচনটোৱে দিৱ্যাংজন যাত্ৰীৰ বাবে সহজ প্ৰৱেশাধিকাৰ, উন্নত পৰিচালন দক্ষতা, অধিক অধিক ফলপ্ৰসূ পৰিচালন ব্যৱস্থা আগবঢ়াব। ইয়াৰ ফলত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ৰে'ল সংযোগ অধিক শক্তিশালী হোৱাৰ উপৰি অঞ্চলটোৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নতো উল্লেখযোগ্যভাৱে বৰঙণি আগবঢ়াব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী