
নগাঁও, ০৩ জুলাই (হি.স.)। মন্ত্ৰী অজন্তা নেওগৰ ৰহাৰ জোঙালবলহু গড় পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন৷ পৰ্যটন মন্ত্ৰীৰ দায়িত্ব লৈয়েই মন্ত্ৰীগৰাকীয়ে শুক্ৰবাৰে প্ৰথমবাৰৰ বাবে ঐতিহাসিক জোঙালবলহু গড়ত প্ৰায় এশ কোটি টকাৰে নিৰ্মাণ কৰা আধুনিক পৰ্যটন ক্ষেত্ৰখন পৰিদৰ্শন কৰে৷ পৰ্যটন ক্ষেত্ৰখন পৰিদৰ্শন কৰি মন্ত্ৰী অজন্তা নেওগে জোঙালবলহু পৰ্যটন ক্ষেত্ৰখন উৎকৃষ্ট পৰ্যটন ক্ষেত্ৰ হ’ব বুলি উচ্চ প্ৰশংসা কৰে আৰু ক্ষেত্ৰ খনক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াস ৰাখিছে বুলি মন্তব্য কৰে৷
লগতে কম দিনৰ ভিতৰতে ক্ষেত্ৰখন ৰাইজৰ বাবে মুকলি কৰাৰ কথাও ঘোষণা কৰে৷ ইক’ টুৰিজিমৰ সম্পৰ্কত মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে অসমত ইক’ টুৰিজিমৰ সুন্দৰ পৰিৱেশ আছে আৰু টুৰিজিমৰ ক্ষেত্ৰত আগন্তুক পাঁচ বছৰৰ বাবে এখন মাষ্টাৰ প্লেন তৈয়াৰ কৰাৰ কথাও প্ৰকাশ কৰে৷ তদুপৰি গ্ৰামাঞ্চলতো পৰ্যটন কেন্দ্ৰ হ’ব পাৰে আৰু এনে হোমষ্টেৰ জৰিয়তে নিবনুৱা সংস্থাপিত হ’ব পাৰে বুলি কৈ আগন্তুক বাজেটত হোমষ্টে নিৰ্মাণৰ বাবে আত্মসহায়ক গোটক চৰকাৰে এক কোটিকৈ আৰ্থিক সাহায্য আগবঢ়াব বুলি মন্ত্ৰী গৰাকীয়ে সদৰি কৰে৷
মন্ত্ৰী গৰাকীক উক্ত পৰিদৰ্শন কালত সংগ দিয়ে ৰহাৰ বিধায়ক শশীকান্ত দাস, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰ, জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে উচ্চপদস্ত বিষয়াই৷ উল্লেখ্য যে ঐতিহাসিক বীৰ ৰজা জোঙালবলহুৰ ৰাজধানী জোঙালবলহু গড়ত বীৰজনাৰ স্মৃতিত সজীব কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰায় এশ কোটি টকা ব্যয়েৰে আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিছে৷ ইয়াৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু কম দিনৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে পৰ্যটন ক্ষেত্ৰখন ৰাইজৰ বাবে মুকলি কৰিব বুলিও সদৰি কৰে মন্ত্ৰী অজন্তা নেওগে৷ উল্লেখ্য যে পৰ্যটন ক্ষেত্ৰখনত তিৱাসকলৰ ঐতিহ্য-পৰম্পৰা, কৃষ্টি-সংস্কৃতিও তুলি ধৰা হৈছে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা