মৰাণত তীব্ৰবেগী বাইকে মহতিয়ালে বৃদ্ধ চাইকেল আৰোহী
ষ্টাণ্ট বাইকৰ সন্ত্ৰাস।
মৰাণত তীব্ৰবেগী বাইকে মহতিয়ালে বৃদ্ধ চাইকেল আৰোহী


ডিব্ৰুগড়, ০৩ জুলাই (হি.স.): ডিব্ৰুগড় জিলাৰ মৰাণত যোৱা কালি নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু শিশু উদ্যানৰ সন্মুখত হেলমেটবিহীনভাৱে ষ্টাণ্ট কৰি অহা এখন তীব্ৰবেগী বাইকে মহতিয়াই নিয়ে এজন ৮০ বছৰীয়া বৃদ্ধ চাইকেল আৰোহীক। ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখী পথত সংঘটিত হয় এই ঘটনা। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা চাইকেল আৰোহীজন মৰাণৰ অজয় দে (৮০) বুলি জানিব পৰা গৈছে।

আনহাতে, আহত বাইক চালকজন মৰাণ কচুমাৰীৰ বিক্ৰান্ত মৰাণ বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে উপস্থিত ৰাইজৰ তৎপৰতাত দুয়োকে উদ্ধাৰ কৰি ততাতৈয়াকৈ মৰাণ মেডিকেল চেন্টাৰলৈ (এম.এম.চি.) প্ৰেৰণ কৰা হয়। ইয়াৰে বৃদ্ধ অজয় দেৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

একাংশ উদণ্ড যুৱকে নিয়মীয়াভাৱে যান-বাহন আৰক্ষীৰ চকুৰ আগতে এনেদৰে ষ্টাণ্ট কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। এনে ধৰণৰ দায়িত্বহীন কাৰ্যকলাপৰ বাবে নিৰীহ বয়োজ্যেষ্ঠ লোকে বিনা দোষতে প্ৰাণৰ মায়াত ভুগিবলগীয়া হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে। এনে ষ্টাণ্ট কৰা চালকৰ বিৰুদ্ধে অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande