
নতুন দিল্লী বিশ্ব পাঞ্জাৰ ভাৰতীয় দলত অসমৰ ১৮ গৰাকী খেলুৱৈ
গুৱাহাটী, ০৩ জুলাই (হি.স.)। প্ৰ’ পাঞ্জা লীগ আৰু পিপলছ আৰ্মৰেছলিং ফেডাৰেচন ইণ্ডিয়াই আজি অসমত লীগৰ আগমনৰ কথা ঘোষণা কৰাৰ লগতে চলিত বৰ্ষৰ শেষৰ ফালে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব আৰ্মৰেছলিং আৰু পেৰা আৰ্মৰেছলিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত অসমৰ ১৮ গৰাকী খেলুৱৈক স্থান দিয়াৰ বিষয়েও এখন সংবাদ মাধ্যমত ঘোষণা কৰে৷
বলিউদ অভিনেতা তথা প্ৰ’ পাঞ্জা লীগৰ সহ-প্ৰতিষ্ঠাপক পৰবিন ডাবাছ, পিএএফআইৰ সভাপতি লগতে এছিয়ান আৰ্মৰেছলিং ফেডাৰেচনৰ উপ-সভানেত্ৰী তথা বলিউদ অভিনেত্ৰী প্ৰীতি ঝাংগিয়ানীয়ে জনোৱা অনুসৰি ভাৰতীয় দলটোত স্থান পোৱা অসমৰ আৰ্ম ৰেছলাৰ কেইগৰাকী হ’ল ঃ দেবাংগনা বৰদলৈ, সুমিত মালি, উজ্বল গগৈ, ডিম্পল কলিতা, পায়েল ভৌমিক, আনিশা শৰ্মা, কুমালিকা দাস, ইছমৃতম বৰুৱা, ৰাজ হাজৰিকা, ঋতুৰাজ পাণ্ডে, বিতু কলিতা, পৰিষ্মিতা গগৈ, অঞ্জু কুমাৰী, মনোজ দেবনাথ, কৃতিকা দাস, নয়ন বৰা, দিগন্ত কুমাৰ ফুকন আৰু মৃন্ময় পাটগিৰি৷
ইয়াৰে পৰিষ্মিত গগৈ, পায়েল আৰু ঋতুৰাজে প্ৰ’ পাঞ্জা লীগলৈও গোল্ডেন টিকট লাভ কৰিছে৷ ২০২৬ চনৰ চ্ছ অক্টোবৰৰ পৰা সাত নৱেম্বৰলৈ নতুন দিল্লীৰ লীলা এম্বিয়েন্স কনভেনচন হোটেলত ৪৭ সংখ্যক বিশ্ব আৰ্মৰেছলিং আৰু ২৮ সংখ্যক পেৰা আৰ্মৰেছলিং চেম্পিয়নশ্বিপ হ’ব যত, ৭৫ খনতকৈও অধিক দেশৰ ২০০০ ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ একেটা স্থানতে ২০২৫ চনত এছিয়ান আৰ্মৰেছলিং আৰু পেৰা আৰ্মৰেছলিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল, য’ত ভাৰতে ১৭৬টা পদক লাভ কৰি দ্বিতীয় স্থান লাভ কৰিছিল৷
পিপলছ আৰ্মৰেছলিং এছ’চিয়েচন অসমৰ সভাপতি কৈলাশ শৰ্মাও উপস্থিত থকা সংবাদ মেলত প্ৰীতি ঝাংগিয়ানীয়ে কয়, ‘নতুন দিল্লীত বিশ্ব আৰ্মৰেছলিং আৰু পেৰা আৰ্মৰেছলিং চেম্পিয়নশ্বিপ আয়োজন কৰাটো ভাৰতৰ এই ক্ৰীড়াৰ বাবে এক ল্যাণ্ডমাৰ্ক মুহূৰ্ত৷ আনহাতে, অসমৰ খেলুৱৈসকলৰ বাবে সুন্দৰ সুযোগ৷ ’ ইফালে, পাৰবিন ডাবাছে কয়, ‘প্ৰতিবাৰেই আমি উত্তৰ-পূবত ট্ৰাইল বা ইভেণ্ট অনুষ্ঠিত কৰিছো আৰু প্ৰতিভাৰ চমকে আমাক আচৰিত কৰি তুলিছে৷ প্ৰ’ পাঞ্জা লীগে উপযুক্ত ৰেংকিং, পুৰস্কাৰৰ ধন আৰু ৰাষ্ট্ৰীয় দলত প্ৰৱেশৰ পথ দিব৷ অসমলৈ লীগ অনাটো আমাৰ মনত বহুদিনৰ পৰাই আছিল আৰু মই আনন্দিত যে আজি আমি চিনাকি কৰাই দিয়া খেলুৱৈসকলৰ ভিতৰত তিনিগৰাকীয়ে ইতিমধ্যে প্ৰ’ পাঞ্জা লীগৰ গোল্ডেন টিকট লাভ কৰিছে৷’
ইফালে, কৈলাশ শৰ্মাই কয়, আমাৰ খেলুৱৈসকলে ধাৰাবাহিক প্ৰশিক্ষণ লৈ আহিছে লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত জয়ী হৈছে৷ পাঞ্জা লীগৰ আগমনৰ ফলত অসমৰ আৰ্মৰেছলাৰসকলে নতুন নিজৰ ৰাজ্যত এক ভাল মঞ্চ পাব৷ অসমৰ প্ৰতিজন ক্ৰীড়াপ্ৰেমীৰ বাবে প্ৰকৃত গৌৰৱ৷’
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী