
গুৱাহাটী, ০৩ জুলাই (হি.স.)। প্ৰ’ পাঞ্জা লীগে শুকুৰবাৰে আনুষ্ঠানিকভাৱে অসমলৈ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰি এইবাৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৪৭ সংখ্যক বিশ্ব আৰ্মৰেছলিং চেম্পিয়নশ্বিপ আৰু ২৮ সংখ্যক পেৰা আৰ্মৰেছলিং চেম্পিয়নশ্বিপৰ বাবে ৰাজ্যৰ ১৮ গৰাকী আৰ্মৰেছলাৰক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা বুলি ঘোষণা কৰে।
গুৱাহাটীৰ হোটেল পালাছিঅ’ত অনুষ্ঠিত এক সংবাদমেলত প্ৰ’ পাঞ্জা লীগৰ সহ-প্ৰতিষ্ঠাপক পৰবীন দবাছ, পিপলছ আৰ্মৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভানেত্ৰী প্ৰীতি ঝাংগিয়ানী আৰু এছিয়ান আৰ্মৰেছলিং ফেডাৰেচনৰ উপ-সভাপতি আৰু অসমৰ পিপলছ আৰ্মৰেছলিং এছ’চিয়েশ্যনৰ সভাপতি কৈলাশ শৰ্মাই যৌথভাৱে এই কথা ঘোষণা কৰে। ভাৰতীয় দলৰ বাবে নিৰ্বাচিত অসমীয়া খেলুৱৈসকলকো চিনাকি কৰাই দিয়া হয়।
ভাৰতীয় দলৰ বাবে নিৰ্বাচিত অসমীয়া খেলুৱৈসকলৰ ভিতৰত আছে দেবাংগনা বৰদলৈ, সুমিত মালি, উজ্জ্বল গগৈ, ডিম্পল কলিতা, পায়ল ভৌমিক, অনিশা শৰ্মা, কুমালিকা দাস, ইস্মৃতম বৰুৱা, ৰাজ হাজৰিকা, ঋতুৰাজ পাণ্ডে, বিট্টু কলিতা, পৰিস্মিতা গগৈ, অঞ্জু কুমাৰী, মনোজ দেৱনাথ, কৃতিকা দাস, নয়ন বৰা, দিগন্ত কুমাৰ ফুকন, আৰু মৃণ্ময় পাটগিৰি। ইয়াৰ ভিতৰত পৰিস্মিতা গগৈ, পায়ল ভৌমিক, আৰু ঋতুৰাজ পাণ্ডেইও প্ৰ’ পাঞ্জা লীগৰ সোণালী টিকট লাভ কৰিছে।
২০২৬ চনৰ ২৬ অক্টোবৰৰ পৰা ৭ নৱেম্বৰলৈ, নতুন দিল্লীৰ লীলা এম্বিয়েন্স কনভেনচন হোটেলত অনুষ্ঠিত হ’ব বিশ্ব আৰ্মৰেছলিং আৰু পেৰা আৰ্মৰেছলিং চেম্পিয়নশ্বিপ। ৭৫খনতকৈও অধিক দেশৰ ২০০০ৰো অধিক খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। নতুন দিল্লীত অনুষ্ঠিত ২০২৫ চনৰ এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে ১৭৬টা পদক লাভ কৰি দ্বিতীয় স্থান দখল কৰে।
প্ৰীতি ঝাংগিয়ানীয়ে উল্লেখ কৰে যে ভাৰতত বিশ্ব চেম্পিয়নশ্বিপ আয়োজন কৰাটো আৰ্ম ৰেছলিঙৰ এক ঐতিহাসিক সুযোগ, আৰু ইয়াত অসমীয়া খেলুৱৈসকলে মুখ্য ভূমিকা গ্ৰহণ কৰিব। খেলুৱৈসকলৰ প্ৰস্তুতিৰ বাবে পাফিয়ে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে।
পাৰবিন দবাছে উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ বাহুমল্লযুঁজৰ অপৰিসীম প্ৰতিভা আছে। প্ৰ’ পাঞ্জা লীগে খেলুৱৈসকলক পেছাদাৰী মঞ্চ, ৰেংকিং, পুৰস্কাৰৰ ধন, আৰু ৰাষ্ট্ৰীয় দলৰ সুবিধা প্ৰদান কৰিব। তেওঁ উল্লেখ কৰে যে সোণালী টিকট লাভ কৰা তিনিগৰাকী অসমীয়া খেলুৱৈয়ে ৰাজ্যখনৰ প্ৰতিভাৰ সাক্ষী।
কৈলাশ শৰ্মাই উল্লেখ কৰে যে বছৰ বছৰ ধৰি সীমিত সম্পদেৰে অনুশীলন কৰি অহা অসমীয়া খেলুৱৈসকলে এতিয়া নিজৰ ৰাজ্যত এক ডাঙৰ মঞ্চ লাভ কৰিব। ভাৰতীয় দলত ৰাজ্যৰ পৰা ১৮ গৰাকী খেলুৱৈৰ বাছনি সমগ্ৰ অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে গৌৰৱৰ বিষয়।
তেওঁ জনাইছে যে বিশ্ব চেম্পিয়নশ্বিপৰ পূৰ্বে নিৰ্বাচিত খেলুৱৈসকলক প্ৰ’ পাঞ্জা লীগ আৰু পিএএফআইৰ সহযোগত বিশেষ প্ৰশিক্ষণ দিয়া হ’ব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ