
শিৱসাগৰ, ০৩ জুলাই (হি.স.)। শিৱসাগৰত আৰক্ষী ড্ৰাগছ অভিযান অব্যাহত আছে ।
এইবাৰ কূখ্যাত লেডী ড্ৰাগছ মাফিয়া ভনী বেগমৰ বাসগৃহত শিৱসাগৰ আৰক্ষীয়ে অভিযান চলায় ৷
এই অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন ৷
এক গোপন সুত্ৰৰ পম খেদি সদৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল মেধিৰ নেতৃত্বত নগৰ উপ পৰিদৰ্শক দেৱাশীষ শৰ্মাই চলোৱা অভিযানত উদ্ধাৰ হৈছে প্ৰায় প্ৰায় ৮ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ সহ কেইবাটাওঁ গল্ডেন টেমা ৷
নিশা নগৰৰ চুকৰ গাঁও দিখৌ মঠাউৰি কাষৰ ভনী বেগমৰ বাসগৃহত বিশাল আৰক্ষী বাহিনীয়ে চলাইছিল অভিযান ৷
সদৰ আৰক্ষীৰ কৌশলী অভিযানত লেডী ড্ৰাগছ মাফিয়া ভনী বেগমৰ কন্যা ৰেছমা বেগমৰ জিম্মাৰ পৰা বহু কেইটা কন্টেনাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
ইয়াৰ পিছতেই ভনীৰ কন্যা ৰেছমা বেগমক লৈ বাসগৃহটোত তালাচী চলোৱাত আৰু বহু পৰিমাণৰ ড্ৰাগছ সমূহ উদ্ধাৰ হয় ৷
আৰক্ষীয়ে ভনীৰ বাসগৃহৰ তিনিটা গল্ডেন টেমাৰ লগতে নগদ ৩৭,৩৪০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
জব্দকৃত ড্ৰাগছখিনিৰ ওজন ৪৬.০১ গ্ৰাম বুলি কোৱা হৈছে ।
দীৰ্ঘ সময়ধৰি শিৱসাগৰত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল ভনী আৰু ৰেচমাই ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা