
শ্ৰীভুমি, ০৩ জুলাই (হি.স.)। পাথাৰকান্দি কাঁঠালতলীৰ খলাটিলাৰ পৰা বৃহৎ পৰিমাণৰ ফলা কাঠ জব্দ কৰিলে পাথাৰকান্দি বন বিভাগে। ৰাজ্য চৰকাৰৰ বন বিভাগৰ নৱ-দায়িত্বপ্ৰাপ্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কঠোৰ নিৰ্দেশৰ পিছৰে পৰা অবৈধ কাঠৰ বিৰুদ্ধে ইতিমধ্যে ব্যাপক অভিযানত নামি পৰিছে বন বিভাগ। আজি তেনে এক অভিযানত পাথাৰকান্দি সমষ্টিৰ কাঁঠালতলীৰ খলাটিলাৰ চাৰিখন দোকানৰ পৰা প্ৰায় ৩০০ চিএফটি লালপদ জাতীয় ফলা কাঠ জব্দ কৰা হয়।
পাথাৰকান্দি ফৰেষ্ট ৰেঞ্জ অফিসাৰ মানসজ্যোতি শইকীয়াৰ নেতৃত্বত চুৰাইবাৰী ফৰেষ্ট বিট অফিচাৰ মাধৱ নৰহ সহ ফৰেষ্ট প্ৰটেকশ্বন টিমে ঘটনাস্থলীত অভিযান চলাই এটাৰ পিছত এটাকৈ চাৰিখন দোকানৰ পৰা কাঠখিনি জব্দ কৰে। বাজেয়াপ্ত কৰা কাঠখিনিৰ আনুমানিক বজাৰ মূল্য ৪ লাখ টকাতকৈ অধিক হব বুলি ধাৰণা কৰা হৈছে।
এই অভিযান সন্দৰ্ভত ৰেঞ্জাৰ গৰাকীয়ে জনায় অভিযানৰ সময়ত কাঠৰ মালিক সকল পলাতক হৈ থকাৰ বাবে তেওঁলোকক আটক কৰিব পৰা নগল। কাঠখিনি খুচুৰা বিক্ৰীৰ বাবে ইয়াত ৰখা হৈছিল বুলি ধাৰণা কৰা হৈছে। ইয়াৰ সৈতে জড়িত দোকানৰ মালিক সকলৰ কাঠ বিক্ৰী সংক্ৰান্তীয় ট্ৰেড লাইচেঞ্চ আছে নে নাই, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বিষয়টো গভীৰভাৱে তদন্ত কৰি উক্ত কাণ্ডৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে বন আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হব। ইয়াৰ সমান্তৰালভাৱে বন বিভাগৰ এনে অভিযান অব্যাহত থাকিব।
এটা দুষ্ট চক্ৰই বন বিভাগক ৰাজহ নিদিয়াকৈ অবৈধভাৱে কাঠৰ ব্যৱসায় চলাই আহিছে। তেওঁলোকক নাকী লগাবলৈ বিভাগীয় মন্ত্ৰীগৰাকীৰ এই কঠোৰ পদক্ষেপ বহুখিনি কামত আহিব বুলি মত প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু