গোসাঁইগাঁৱত বন বিভাগৰ অভিযানত জব্দ ৩ ট্ৰেক্টৰ প্ৰকাণ্ড প্ৰকাণ্ড কাঠৰ কুণ্ডা
গোসাঁইগাঁৱত বন বিভাগৰ বৃহৎ অভিযান।
গোসাঁইগাঁৱত বন বিভাগৰ অভিযানত জব্দ ৩ ট্ৰেক্টৰ প্ৰকাণ্ড প্ৰকাণ্ড কাঠৰ কুণ্ডা


কোকৰাঝাৰ, ০৩ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত যোৱা কালি বৃহস্পতিবাৰে বিয়লি বন বিভাগৰ বৃহৎ অভিযান চলে । এই অভিযানত কূৰ্শাকাটি গাঁৱত চোৰাংকৈ লুকুৱাই ৰখা ৩ ট্ৰেক্টৰ প্ৰকাণ্ড প্ৰকাণ্ড কাঠৰ কুণ্ডা জব্দ কৰা হয় । কচুগাওঁ বন সংমণ্ডলৰ মাণ্ডলিক বিষয়া (ডিএফও) মোস্তাফা আলী আহমেদ আৰু গোসাইগাওঁ ডিপোৰ ৰেঞ্জাৰ দীপক বসুমতাৰীৰ নেতৃত্বত লগতে প্ৰটেকশন ফৰ্চৰ সহযোগত কূৰ্শাকাটি গাওঁ খনত চলিছিল এই অভিযান।

বন বিভাগে গোপন খৱৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে ২০০ চেপ্টিৰো অধিক মূল্যৱান কাঠ।বনমন্ত্ৰীৰ নিৰ্দেশৰ পিছত গাঁৱে ভূঞে এনেদৰে চলিছে বনবিভাগৰ অভিযান । উল্লেখ যে অসাধু ব্যৱসায়ীয়ে উক্ত কাঠৰ কুণ্ডাসমূহ কূৰ্শাকাটি গাঁৱত লুকুৱাই ৰাখিছিল । চোৰাং কাঠ ব্য়ৱসায়ীৰ বিৰুদ্ধে এনে ধৰণৰ অভিযান অব্য়াহত ৰখা হ’ব বুলিও বন বিভাগে জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande