জাপানী কোম্পানীৰ ওড়িশাত ৬৭,০০০ কোটি টকা বিনিয়োগ
ভুৱনেশ্বৰ, ০৩ জুলাই (হি.স.)। জাপানৰ সৈতে কৌশলগত অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰি ওড়িশা চৰকাৰে জাপানৰ আই এইচ আই কৰ্প’ৰেশ্যন আৰু এ চি এম ই গ্ৰুপৰ সৈতে ৬৭ হাজাৰ কোটি টকাৰ বিনিয়োগৰ বাবে এক উল্লেখযোগ্য সহযোগিতা স্মাৰকপত্ৰত স্বাক্ষৰ কৰিছে। এই বিনিয
कन्वेंशन सेंटर में मुख्यमंत्री मोहन चरण माझी ने जापानी उद्योग प्रतिनिधिमंडल के साथ बैठक करते हुए ।


ভুৱনেশ্বৰ, ০৩ জুলাই (হি.স.)। জাপানৰ সৈতে কৌশলগত অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰি ওড়িশা চৰকাৰে জাপানৰ আই এইচ আই কৰ্প’ৰেশ্যন আৰু এ চি এম ই গ্ৰুপৰ সৈতে ৬৭ হাজাৰ কোটি টকাৰ বিনিয়োগৰ বাবে এক উল্লেখযোগ্য সহযোগিতা স্মাৰকপত্ৰত স্বাক্ষৰ কৰিছে। এই বিনিয়োগে ৰাজ্যখনৰ সেউজ শক্তি, উন্নত উৎপাদন, আৰু ঔদ্যোগিক উন্নয়নৰ বাবে এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

ৰাজ্য চৰকাৰে আয়োজন কৰা জাপানী ব্যৱসায়িক প্ৰতিনিধিৰ সৈতে যোগাযোগ কাৰ্যসূচীৰ সময়ত এই চুক্তি স্বাক্ষৰিত হয়। প্ৰস্তাৱিত বিনিয়োগে প্ৰায় ৭ হাজাৰ প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰৰ মতে এই অংশীদাৰিত্বই ওড়িশাক স্বচ্ছ শক্তি আৰু বিশ্ব বিনিয়োগৰ এক প্ৰধান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হ’ব।

এই চুক্তিৰ অধীনত গোপালপুৰ-টাটা বিশেষ অৰ্থনৈতিক মণ্ডলত ০.৪ এমটিপিএৰ সেউজ এমোনিয়া উদ্যোগ স্থাপন কৰা হ’ব, য’ত ২০,০০০ কোটি টকাৰ বিনিয়োগ হ’ব আৰু প্ৰায় ৩,৪০০ লোকে কৰ্মসংস্থাপন লাভ কৰিব। ইয়াৰ উপৰিও এই প্ৰকল্পৰ বাবে ১০০০ কোটি টকা ব্যয় কৰি জেটিবিহীন ভাসমান টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব।

পাৰাদীপত ০.৮ এমটিপিএৰ সেউজ এমোনিয়া উদ্যোগ স্থাপন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, য’ত ৩৪,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব আৰু প্ৰায় ৩,৬০০টা চাকৰিৰ সৃষ্টি হ’ব। ইয়াৰ উপৰিও ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে সেউজ মিথানল প্ৰকল্প গঢ়ি তোলা হ’ব।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উদ্যোগ আৰু দক্ষতা বিকাশ মন্ত্ৰী সম্পাদ চন্দ্ৰ শ্বোৱাইন, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, বিশ্ব বেংক গ্ৰুপৰ প্ৰতিনিধি, জাপানৰ দূতাবাস, লগতে জাপানৰ কেইবাটাও আগশাৰীৰ কোম্পানীয়ে অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে উল্লেখ কৰে যে জাপান ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য উন্নয়ন আৰু বিনিয়োগৰ অংশীদাৰ হৈ আহিছে। তেওঁ কয় যে এই চুক্তিখনে ওড়িশাৰ ঔদ্যোগিক উন্নয়নৰ বাবে এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব আৰু “সমৃদ্ধিশালী ওড়িশা ২০৩৬” আৰু “উন্নত ভাৰত ২০৪৭”ৰ লক্ষ্যত উপনীত হোৱাত মূল ভূমিকা পালন কৰিব।

উদ্যোগ মন্ত্ৰী সম্পাদ চন্দ্ৰ শ্বোৱাইনে কয় যে বিনিয়োগ অনুকূল নীতি, শক্তিশালী আন্তঃগাঁথনি, আৰু স্বচ্ছ শাসনৰ বাবে ওড়িশা বিশ্ব বিনিয়োগকাৰীৰ বাবে এক আকৰ্ষণীয় গন্তব্যস্থানত পৰিণত হৈছে। সকলো বিনিয়োগ প্ৰকল্প সময়মতে ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

আই এইচ আই কৰ্পৰেশ্যনৰ সভাপতি হিৰোছি আইডে ওড়িশাৰ কৌশলগত অৱস্থান, ঔদ্যোগিক ভিত্তি, আৰু প্ৰাকৃতিক সম্পদৰ প্ৰশংসা কৰে। এচিএমই গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ মনোজ উপাধ্যায়ে কয় যে এই অংশীদাৰিত্বই অত্যাধুনিক প্ৰযুক্তি আৰু প্ৰকল্প বিকাশৰ বিশেষজ্ঞতাক একত্ৰিত কৰি ভাৰতৰ স্বচ্ছ শক্তি খণ্ডক এক নতুন দিশ প্ৰদান কৰিব।

বিশেষজ্ঞসকলৰ মতে এই চুক্তিয়ে ওডিছা আৰু জাপানৰ মাজত অৰ্থনৈতিক সহযোগিতাক নতুন উচ্চতালৈ উন্নীত কৰিব আৰু সেউজ হাইড্ৰজেন, সেউজ এমোনিয়া, মহাকাশ, জাহাজ নিৰ্মাণ, লজিষ্টিক, তীখা, আৰু নবীকৰণযোগ্য শক্তিৰ দৰে খণ্ডত ভৱিষ্যতে বিনিয়োগৰ পথ মুকলি কৰিব।

এই চুক্তিখনক ওড়িশা আৰু জাপানৰ মাজত ক্ৰমবৰ্ধমান অৰ্থনৈতিক অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে গণ্য কৰা হয়, যিয়ে ৰাজ্যখনত স্বচ্ছ শক্তি আৰু আধুনিক উদ্যোগৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে এম এছ এম ই, আনুষংগিক উদ্যোগ, স্থানীয় উদ্যোগ, আৰু যুৱক-যুৱতীসকলৰ বাবে নতুন নিয়োগ আৰু উন্নয়নৰ সুযোগ সৃষ্টি কৰে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande