সংগীত জগতত উজলি উঠিছে দক্ষিণ কামৰূপৰ উদীয়মান শিল্পী জোন্টি কলিতা
কামৰূপ, ০৩ জুলাই (হি.স.)। সংগীত জগতত উজলি উঠিছে দক্ষিণ কামৰূপৰ উদীয়মান শিল্পী জোন্টি কলিতা। সংগীত কেৱল এটা কলা নহয়, ই এক অন্তহীন সাধনা। এই সাধনাক বুকুত বান্ধিয়েই বৰ্তমান অসমৰ সংগীত জগতত খোজ পেলাইছে এজন প্ৰতিভাশালী উদীয়মান কণ্ঠশিল্পী তথা বাদ্যশিল
সংগীত জগতত উজলি উঠিছে দক্ষিণ কামৰূপৰ উদীয়মান শিল্পী জোন্টি কলিতা


কামৰূপ, ০৩ জুলাই (হি.স.)। সংগীত জগতত উজলি উঠিছে দক্ষিণ কামৰূপৰ উদীয়মান শিল্পী জোন্টি কলিতা।

সংগীত কেৱল এটা কলা নহয়, ই এক অন্তহীন সাধনা। এই সাধনাক বুকুত বান্ধিয়েই বৰ্তমান অসমৰ সংগীত জগতত খোজ পেলাইছে এজন প্ৰতিভাশালী উদীয়মান কণ্ঠশিল্পী তথা বাদ্যশিল্পীয়ে। তেওঁ হৈছে দক্ষিণ কামৰূপৰ মিৰ্জাৰ নিবাসী জোন্টি কলিতা।

অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল কলিতা আৰু গৃহিণী বুলু কলিতাৰ কনিষ্ঠ পুত্ৰ জোন্টিয়ে সৰুৰে পৰাই ঘৰখনত এটা সুন্দৰ সংগীতৰ পৰিৱেশ লাভ কৰিছিল। ঘৰৰে এই সুৰীয়া পৰিৱেশে তেওঁক সংগীতৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত কৰে। পৰিয়ালৰ প্ৰতিজন সদস্যৰ অকুণ্ঠ সমৰ্থন আৰু প্ৰেৰণাই জোন্টিৰ এই যাত্ৰাক সদায় দুগুণ সাহস যোগাই আহিছে।

প্ৰথম অৱস্থাত এজন বাদ্যশিল্পী হিচাপে সংগীত জগতত পদাৰ্পণ কৰা জোন্টি কলিতাই বৰ্তমান নিজ গৃহতে এটা অত্যাধুনিক ৰেকৰ্ডিং ষ্টুডিঅ’ স্থাপন কৰিছে। এই ষ্টুডিঅ’টোতে তেওঁ অহৰহ সংগীতৰ চৰ্চা আৰু নতুন সৃষ্টিৰ সাধনা অব্যাহত ৰাখিছে।

কেৱল কণ্ঠই নহয়, জোণ্টিৰ আছে সুন্দৰ কথা আৰু সুৰ সৃষ্টিৰ অপূৰ্ব প্ৰতিভা। বৰ্তমানলৈকে তেওঁ নিজৰ কথা, সুৰ, কণ্ঠ আৰু সংগীত পৰিচালনাৰে সৰ্বমুঠ ১২ টা গীত প্ৰস্তুত কৰি উলিয়াইছে। ইয়াৰে ভিতৰত ৭ টা গীত ইতিমধ্যে ইউটিউবকে ধৰি বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্মত মুক্তি লাভ কৰিছে আৰু শ্ৰোতাৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে।অনাগত দিনত অসমৰ সংগীত আকাশত এজন সুযোগ্য আৰু প্ৰতিষ্ঠিত কণ্ঠশিল্পী হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ এক সপোন বুকুত পুহি ৰাখিছে জোন্টিয়ে। তেওঁৰ এই ব্যতিক্ৰমী সংগীত যাত্ৰাই বৰ্তমান সমগ্ৰ মিৰ্জা অঞ্চলৰে গৌৰৱ কঢ়িয়াই আনিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande