
কাঠমাণ্ডু, ০৩ জুলাই (হি.স.)। নেপাল চৰকাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সামৰিক প্ৰশিক্ষণ প্ৰদানৰ বাবে বিদ্যালয়সমূহত ৰাষ্ট্ৰীয় সেৱা কৰ্পছ স্থাপনৰ প্ৰস্তাৱ দি ফেডাৰেল সংসদত বিধেয়ক পঞ্জীয়ন কৰিছে । বিধেয়কখনত প্ৰশিক্ষণৰ সময়ত কেডেটৰ বাবে খাদ্য, থকাৰ ব্যৱস্থা, বীমাৰ ব্যৱস্থাও কৰা হৈছে। প্ৰশিক্ষক হিচাপেও নিয়োগ কৰা হ’ব সামৰিক জোৱান ।
ৰাষ্ট্ৰীয় সেৱা কৰ্পছ বিল নামৰ প্ৰস্তাৱিত আইনখনৰ লক্ষ্য হৈছে বৰ্তমান বন্ধ হৈ থকা নেশ্যনেল চাৰ্ভিচ কৰ্পছ আইনখনৰ ঠাইত । চৰকাৰে কয় যে সাংবিধানিক ব্যৱস্থা আৰু নেপালৰ ফেডাৰেল গাঁথনি অনুসৰি আইনী কাঠামো উন্নীত কৰি চাৰ্ভিচ কৰ্পছক আধুনিকীকৰণৰ বাবে এই নতুন আইনখন প্ৰৱৰ্তন কৰা হৈছে । বিধেয়কখনত উল্লেখ কৰা হৈছে যে ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে দেশপ্ৰেম, জনসেৱাৰ মনোভাৱ, আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৰাষ্ট্ৰীয় একতা শক্তিশালী কৰা ।
সংবিধানৰ ৫১(ক) অনুচ্ছেদত সন্নিৱিষ্ট ৰাষ্ট্ৰীয় নিৰাপত্তা নীতি কাৰ্যকৰী কৰি নাগৰিকক ৰাষ্ট্ৰীয় সেৱাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্যও এই বিধেয়কখনৰ । বিধেয়কখনৰ বস্তু আৰু কাৰণত উল্লেখ আছে যে ৫৬ বছৰীয়া এই আইনখনে বৰ্তমানৰ প্ৰয়োজনীয়তা আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাসমূহ এতিয়া পূৰণ নকৰে । প্ৰস্তাৱিত আইন অনুসৰি সামূহিক আৰু প্ৰতিষ্ঠানিক (ব্যক্তিগত) বিদ্যালয় উভয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিব।
এই কাৰ্যসূচী দুটা ভাগত বিভক্ত কৰা হৈছে । কনিষ্ঠ বিভাগত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ১৩ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ছিনিয়ৰ বিভাগত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ১৬ৰ পৰা ২১ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক অন্তৰ্ভুক্ত কৰা হ’ব । দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব এই প্ৰশিক্ষণ । প্ৰথম পৰ্যায়ত নিজ নিজ বিদ্যালয়ত অনুষ্ঠিত হ’ব, আনহাতে দ্বিতীয় পৰ্যায় ৰাষ্ট্ৰীয় সেৱা কৰ্পছৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হ’ব । প্ৰশিক্ষণ সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীসকলক জনসেৱা, আন্তঃগাঁথনি উন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনা, মহামাৰী নিয়ন্ত্ৰণ, আৰু পৰিৱেশ সুৰক্ষাৰ দৰে ক্ষেত্ৰত স্বেচ্ছাসেৱক হিচাপে নিয়োগ কৰা হ’ব ।
বিধেয়কখনত এই কথাও উল্লেখ আছে যে চৰকাৰে যিকোনো নেপালী নাগৰিক বা প্ৰতিষ্ঠানক জাতীয় প্ৰয়োজনৰ সময়ত প্ৰশিক্ষণ প্ৰদান কৰিব পাৰে । ১৮ নং ধাৰা অনুসৰি চৰকাৰে প্ৰয়োজন হ’লে নাগৰিকক প্ৰশিক্ষণ দি ৰাষ্ট্ৰীয় সেৱাৰ বাবে নিয়োগ কৰিব পাৰে । প্ৰস্তাৱিত সাংগঠনিক গাঁথনিৰ অধীনত প্ৰধানমন্ত্ৰীক মুখ্য পৃষ্ঠপোষক আৰু প্ৰতিৰক্ষা মন্ত্ৰীক পৃষ্ঠপোষক হিচাপে নিযুক্তি দিয়া হৈছে । প্ৰতিৰক্ষা মন্ত্ৰীৰ অধ্যক্ষতাত এখন নিৰ্দেশনামূলক সমিতিয়ে নীতিগত দিশ নিৰ্দেশনা প্ৰদান কৰিব, য’ত সেনা প্ৰধান, প্ৰতিৰক্ষা সচিব, আৰু শিক্ষা সচিব সদস্য হিচাপে থাকিব।
বিধেয়কখনত সংগঠনটোৰ প্ৰশাসনিক নেতৃত্ব প্ৰদানৰ বাবে এজন কাৰ্যবাহী সঞ্চালক প্ৰধান নিযুক্তিৰ প্ৰস্তাৱো উল্লেখ কৰা হৈছে । সেনা প্ৰধানৰ পৰামৰ্শ মতে চৰকাৰে দুবছৰৰ বাবে এই পদত এজন অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল নিযুক্তি দিব । ৰাষ্ট্ৰীয় সেৱা কৰ্পছৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত হ’ব, প্ৰয়োজন অনুসৰি অন্যান্য স্থানত প্ৰশিক্ষণ কেন্দ্ৰ আৰু কাৰ্যালয় স্থাপন কৰা হ’ব। প্ৰশিক্ষণৰ সময়ছোৱাত কেডেটসকলে কঠোৰ অনুশাসন মানি চলিব লাগিব। অনুশাসনহীন বা শাৰীৰিক বা মানসিকভাৱে অযোগ্য বুলি ধৰা পৰা ছাত্ৰ-ছাত্ৰীসকলক কাৰ্যসূচীৰ পৰা আঁতৰাই পেলোৱা হ’ব পাৰে ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ