সৰুপথাৰৰ বৰপথাৰত সুৰাপানক কেন্দ্ৰ কৰি লোমহৰ্ষক হত্যাকাণ্ড
গোলাঘাট, ০৩জুলাই (হি.স.)। সৰুপথাৰৰ বৰপথাৰত সুৰাপানক কেন্দ্ৰ কৰি লোমহৰ্ষক হত্যাকাণ্ড। বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মিৰিগাঁৱত সংঘটিত উক্ত ঘটনাক কেন্দ্ৰ কৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘৰুৱা মদ খাবলৈ যোৱাই কাল হ''ল ৰাজীৱ ভূঞা নামৰ এজন লোকৰ। ভদ্ৰেশ্
সৰুপথাৰৰ বৰপথাৰত সুৰাপানক কেন্দ্ৰ কৰি লোমহৰ্ষক হত্যাকাণ্ড


গোলাঘাট, ০৩জুলাই (হি.স.)। সৰুপথাৰৰ বৰপথাৰত সুৰাপানক কেন্দ্ৰ কৰি লোমহৰ্ষক হত্যাকাণ্ড।

বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মিৰিগাঁৱত সংঘটিত উক্ত ঘটনাক কেন্দ্ৰ কৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘৰুৱা মদ খাবলৈ যোৱাই কাল হ'ল ৰাজীৱ ভূঞা নামৰ এজন লোকৰ। ভদ্ৰেশ্বৰ হেমৰম নামৰ এজন লোকে চোকা দাৰে আক্ৰমণ কৰাৰ ফলত থিতাতে মৃত্যু হয় ৰাজীৱ ভূঞা নামৰ লোকজনৰ।

ইফালে ঘটনা সংঘটিত কৰিয়েই অভিযুক্ত ভদ্ৰেশ্বৰ হেমৰমে আত্মসমৰ্পণ কৰে বৰপথাৰ আৰক্ষী থানাত।

সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যকাণ্ডৰ প্ৰকৃত কাৰণ,ঘটনাৰ সৈতে কোন কোন জৰিত আছিল সমগ্ৰ ঘটনাৰ ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে বৰপথাৰ আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande