
–ইউৰিয়া ক্ৰয়ৰ সময়ত অপ্রয়োজনীয় সাৰ ক্ৰয় কৰিবলৈ কৃষকক বাধ্য কৰোৱা ব্যৱসায়ীক কঠোৰ সকীয়নি; দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব
বিশ্বনাথ, ০৩ জুলাই (হি.স.)। অসম চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰীকাই আজি বিহালী বিধানসভা সমষ্টিৰ বৰগাঙস্থিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহ আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ বিশ্বনাথ চাৰিআলিস্থিত কমলাকান্ত নাট্য সমাজত জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৃষক পঞ্জীয়নৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কৰ আনুষ্ঠানিক পঞ্জীয়ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
উপস্থিত সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কয় যে অসমৰ কৃষি ব্যৱস্থা আৰু কৃষি অৰ্থনীতিৰ এক অবিচ্ছেদ্য অংশ হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। তেওঁলোকৰ সৰ্বাংগীন উন্নয়ন আৰু কল্যাণৰ বাবে চৰকাৰে সদায় অগ্ৰাধিকাৰভিত্তিত কাম কৰি আহিছে। কৃষকসকলৰ উন্নয়নৰ জৰিয়তেই ৰাজ্যৰ কৃষি খণ্ড অধিক শক্তিশালী হ'ব বুলিও তেওঁ উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ মৰ্মে ভাৰত চৰকাৰে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষক পঞ্জীয়নৰ অন্তৰ্ভুক্ত কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ সকলো যোগ্য ক্ষুদ্ৰ চাহ খেতিয়কক শীঘ্ৰে কৃষক পঞ্জীয়নৰ অধীনত নামভৰ্তি কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
ইয়াৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাতত মন্ত্ৰী হাজৰীকাই কয় যে ইউৰিয়া ক্ৰয় কৰিবলৈ অহা কৃষকসকলক কিছুমান সাৰ বিক্ৰেতাই ইউৰিয়াৰ সৈতে আন তিনি-চাৰি বিধ সাৰ বাধ্যতামূলকভাৱে ক্ৰয় কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তেওঁৰ দৃষ্টিগোচৰ হৈছে। তেওঁ এই কাৰ্যক কৃষকৰ প্ৰতি অন্যায়, অনৈতিক আৰু সম্পূৰ্ণ অগ্ৰহণযোগ্য বুলি অভিহিত কৰে। কৃষকক প্ৰয়োজন নোহোৱা সাৰ ক্ৰয় কৰিবলৈ কোনো ব্যৱসায়ীয়ে বাধ্য কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দি মন্ত্ৰীগৰাকীয়ে এনে কাৰ্যত লিপ্ত ব্যৱসায়ীসকলক কঠোৰ সকীয়নি প্ৰদান কৰে। লগতে তেওঁ কয় যে এনে অভিযোগত দোষী সাব্যস্ত হোৱা সকলো সাৰ বিক্ৰেতাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
আজিৰ এই বিহালীৰ কাৰ্যসূচীত সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক মুনীন্দ্ৰ দাস উপস্থিত থকাৰ বিপৰীতে বিশ্বনাথৰ কাৰ্যসূচীত বিধায়ক পল্লৱ লোচন দাস উপস্থিত থাকে। দুয়োটা অনুষ্ঠানতে কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গ, ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠনৰ প্ৰতিনিধি আৰু বহু সংখ্যক কৃষক উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী