
গুৱাহাটী, ০৩ জুলাই (হি.স.)। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বিভাগটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক পর্যালোচনা বৈঠকত মিলিত হয়।
বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্রস্তাৱ সম্পৰ্কত পর্যালোচনা কৰে। আলোচনাত উল্লেখ কৰা হয় যে, ৰাজ্যিক নিয়ম অনুসৰি আয়োগখনত মুঠ সাতজন সদস্য থাকিব লাগিব। ইয়াৰ ভিতৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ পৰা এজনকৈ সদস্য থকাৰ লগতে ন্যূনতম দুগৰাকী মহিলা সদস্য অন্তর্ভুক্ত থাকিব লাগিব। খাদ্য সুৰক্ষা ব্যৱস্থাৰ ফলপ্রসূ ৰূপায়ণ আৰু তদাৰকিৰ বাবে আয়োগখন গঠন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক শীঘ্রে আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।
মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত চলি থকা ধান ক্রয় ব্যৱস্থাৰ অগ্ৰগতিৰ বিষয়েও পর্যালোচনা কৰে। এই সন্দৰ্ভত তেওঁ অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ পৰিচালন সঞ্চালক দিগন্ত দাসক ধান ক্রয় প্রক্রিয়াত জড়িত ধান বনা কলসমূহে অনুসৰণ কৰা পদ্ধতিসমূহ ভালদৰে পৰীক্ষা কৰাৰ লগতে কোনো ধৰণৰ অনিয়ম বা বিসংগতি ধৰা পৰিলে তৎকালীনভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নির্দেশ দিয়ে। তদুপৰি ক্রয় প্রক্রিয়াত অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু কাৰ্যদক্ষতা নিশ্চিত কৰাৰ লক্ষ্যৰে আগন্তুক ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে এই প্ৰক্ৰিয়াৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ কৰ্মস্থলীৰ ৰদ-বদল কৰাৰো নিৰ্দেশ দিয়ে।
বৈঠকত বিভাগৰ কল্যাণমূলক আঁচনিৰ অধীনত মচুৰ দাইল আৰু চেনি বিতৰণৰ প্ৰস্তাৱিত কাৰ্যসূচীৰ প্ৰস্তুতিৰ বিষয়েও আলোচনা কৰা হয়। এতিয়ালৈকে সম্পন্ন হোৱা প্ৰস্তুতিৰ অগ্রগতি পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক সকলো প্ৰশাসনিক, কাৰিকৰী আদি ব্যৱস্থা শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ নির্দেশ দিয়ে। এই প্ৰক্ৰিয়া অহা ১লা আগষ্টত মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব।
খাদ্য সুৰক্ষা নিশ্চিতকৰণ, ৰাজহুৱা বিতৰণ ব্যৱস্থাত স্বচ্ছতা বজাই ৰখা আৰু কল্যাণমূলক আঁচনিসমূহ ফলপ্রসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দৃঢ় অংগীকাৰ পুনৰ ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক সমন্বিতভাৱে আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সকলো কার্যসূচী সফলভাৱে ৰূপায়ণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।
সভাত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন ছামাল, ন্যায়িক বিভাগৰ এল আৰ, বিশেষ আয়ুক্ত সচিব বিশ্বজিৎ চক্ৰৱৰ্তী, বিভাগৰ সচিব অনুসূয়া দত্ত বৰুৱা, বিত্ত বিভাগৰ অতিৰিক্ত সচিব তপন কুমাৰ গোঁহাই, বিভাগৰ আয়ুক্ত হেমন্ত ভূঞাকে ধৰি আন বিষয়াসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী