মাৰ্ঘেৰিটাত সংঘটিত পথ দুৰ্ঘটনাত ৰখাই থোৱা বাহনক ছুইফ্টৰ প্ৰচণ্ড খুন্দা, আহত এজন
তিনিচুকিয়া, ০৩ জুলাই (হি.স.)। মাৰ্ঘেৰিটাৰ দিহিঙত ভয়ংকৰ পথ দুৰ্ঘটনা,গেৰেজত ৰখাই থোৱা বাহনক ছুইফ্টৰ প্ৰচণ্ড খুন্দা, আহত এজন। তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত দিহিঙত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী ছুইফ্ট বাহনে ন
মাৰ্ঘেৰিটাত সংঘটিত পথ দুৰ্ঘটনাত ৰখাই থোৱা বাহনক ছুইফ্টৰ প্ৰচণ্ড খুন্দা, আহত এজন


তিনিচুকিয়া, ০৩ জুলাই (হি.স.)। মাৰ্ঘেৰিটাৰ দিহিঙত ভয়ংকৰ পথ দুৰ্ঘটনা,গেৰেজত ৰখাই থোৱা বাহনক ছুইফ্টৰ প্ৰচণ্ড খুন্দা, আহত এজন।

তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত দিহিঙত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী ছুইফ্ট বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এটা গেৰেজত ৰখাই থোৱা বাহনত খুণ্ডা মাৰে। বাহন খনৰ খুণ্ডাক এজন যুৱক গুৰুতৰভাৱে আহত হোৱাৰ লগতে কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হয়।

প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে, এএছ ২৩জি ৮৫৯৮ পঞ্জীয়ন নম্বৰৰ এখন মাৰুতি ছুইফ্ট বাহনে তীব্ৰ বেগেৰে আহি দিহিঙৰ এটা গেৰেজৰ সন্মুখত ৰখাই থোৱা প্ৰায় ৫/৬ খন বাইক আৰু স্কুটীত প্ৰচণ্ড জোৰে খুন্দা মাৰে। খুন্দা ইমানেই ভয়ংকৰ আছিল যে দুচকীয়া বাহন কেইখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে আৰু ছুইফ্ট বাহনখনো ৰাজপথৰ কাষত বাগৰি পৰে।

এই দুৰ্ঘটনাৰ ফলত গেৰেজ টোত কৰ্মৰত পাপু শ্বাহ (৩২) নামৰ এজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়। যুৱকজনৰ মূৰত প্ৰচণ্ড আঘাত লাগিছে।

দুৰ্ঘটনাৰ পিছতেই স্থানীয় ৰাইজৰ সহযোগত তেওঁক ততাতৈয়াকৈ মাৰ্ঘেৰিটা এফআৰইউ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও শাৰীৰিক অৱস্থা সংকটজনক হোৱাৰ বাবে চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অৱশ্যে দুৰ্ঘটনা সংঘটিত কৰিয়েই ছুইফ্ট খনৰ চালকজনে উক্ত স্থানৰ পৰা পলায়ন কৰে। দিন-দুপৰতে সংঘটিত এই ভয়াৱহ পথ দুৰ্ঘটনাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনা স্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande