

গুৱাহাটী, ০৩ জুলাই (হি.স.)। আহাৰৰ পথাৰত বিধায়ক ড০ তপন দাসৰ ব্যস্ততা। ডিমৰীয়াৰ মালয়বাৰীৰ পথাৰত দেখা গ'ল বিধায়কগৰাকীৰ এই তৎপৰতা।
ট্ৰেক্টৰেৰে মাটি চহাই বোকাত নামি সিঁচিলে ধানৰ বীজ। এজাক কৃষকৰ মাজত এনেদৰে চাপ সহনশীল বীজ ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কৃষকক যোগালে উৎসাহ। কৃষকৰ সৈতে পথাৰৰ আলিত বহি জুতি ল'লে দৈ চিৰাৰ। বিধায়কগৰাকীক এনেদৰে ওচৰত পাই উৎফুল্লিত হৈ পৰিল কৃষক-মহিলাসকল। চৰকাৰে কৃষকৰ সকলো সমস্যাৰ সমাধানৰ বাবে এনেদৰে প্ৰতিক্ষণতে আগবাঢ়িব বুলি মন্তব্য বিধায়ক ড০ তপন দাসৰ।
হিন্দুস্থান সমাচাৰ / Narayan Kar