ইৰাণত খামেনেইৰ কফিনত এখন বিশেষ ৰঙা পতাকা, প্ৰথমবাৰৰ বাবে আবিৰ্ভাৱ আইআৰজিচিৰ নতুন কমাণ্ডাৰ আহমদ ৱাহিদী
তেহৰাণ, ০৩ জুলাই (হি.স.)। ইৰাণত চলিত বছৰৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা-ইজৰাইলৰ যৌথ সামৰিক অভিযানত নিহত দেশখনৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ হৈছে। খামেনেইৰ কফিনৰ কাষত এখন বিশেষ ৰঙা পতাকা স্থাপন কৰা হৈছে। প্ৰয়াত নেতাজনৰ অন্ত্যেষ্টিক্
ईरान में आईआरजीसी के नए कमांडर अहमद वाहिदी रात को अली खामेनेई के ताबूत के पास नजर आए। उन्होंने राष्ट्रपति के साथ हुई बैठक में हिस्सा लिया। फोटो -  इंटरनेट मीडिया


তেহৰাণ, ০৩ জুলাই (হি.স.)। ইৰাণত চলিত বছৰৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা-ইজৰাইলৰ যৌথ সামৰিক অভিযানত নিহত দেশখনৰ সৰ্বোচ্চ নেতা আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ হৈছে। খামেনেইৰ কফিনৰ কাষত এখন বিশেষ ৰঙা পতাকা স্থাপন কৰা হৈছে। প্ৰয়াত নেতাজনৰ অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ নতুন অধিনায়ক ব্ৰিগেডিয়াৰ জেনেৰেল আহমদ ৱাহিদীয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে উপস্থিত হয়।

আল জাজিৰাৰ মতে, আমেৰিকাৰ সৈতে হোৱা যুদ্ধৰ পিছত আই আৰ জি চিৰ কমাণ্ডাৰ আহমদ ৱাহিদীয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে উপস্থিত হয়। অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাৰ আগনিশা (যিটো ৪ জুলাইৰ পৰা আৰম্ভ হ’ব) আয়াতুল্লাহ খামেনেইৰ কফিনৰ ওচৰত তেওঁক দেখা গৈছিল। তেহৰাণৰ হুছেইনী ইমাম খোমেইনীৰ বিদায় অনুষ্ঠানৰ বাবে অনা হৈছে আয়াতুল্লাহ আলী খামেনেইৰ মৃতদেহ। হুছেইনী ইমাম খোমেইনী স্থলী তেহৰাণৰ এক প্ৰধান ধৰ্মীয় আৰু ৰাজনৈতিক সমাৱেশস্থলী। তিনি দশকৰো অধিক সময় দেশৰ নেতৃত্ব দিছিল আলী খামেনেই।

ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ নতুন মুৰব্বী ব্ৰিগেডিয়াৰ জেনেৰেল আহমদ ৱাহিদীয়ে তেওঁৰ পূৰ্বৰ মহম্মদ পাকপুৰৰ ঠাইত স্থান লাভ কৰে। ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ প্ৰাৰম্ভিক আক্ৰমণত নিহত হৈছিল পাকপুৰ। বৃহস্পতিবাৰে নিশা প্ৰাক্তন উচ্চতম নেতা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে বাহিদীয়ে।

১৯৭০ চনৰ শেষৰ ফালে আই আৰ জি চিৰ আৰম্ভণিৰ পৰাই জড়িত হৈ থকা ৱাহিদীয়ে আশীৰ দশকত উচ্চ পদবীলৈ উন্নীত হৈ চোৰাংচোৱা আৰু সামৰিক বিভাগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৮৮ চনৰ পৰা ১৯৯৭ চনলৈ তেওঁ কুদছ বাহিনীৰ নেতৃত্ব দিছিল। পিছলৈ ৱাহিদীয়ে এই ভূমিকা ইৰাণৰ প্ৰখ্যাত সেনাপতি কাচেম ছলেমানীৰ হাতত অৰ্পণ কৰে। ২০২০ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত বিমান আক্ৰমণত নিহত হৈছিল ছলেমানী।

২০২৫ চনৰ ডিচেম্বৰ মাহত উচ্চতম নেতা খামেনেই ৱাহিদীক আই আৰ জি চিৰ উপ মুৰব্বী হিচাপে নিযুক্তি দিয়ে। ৱাহিদীয়েও জ্যেষ্ঠ ৰাজনৈতিক ভূমিকা পালন কৰি আহিছে। প্ৰাক্তন ৰাষ্ট্ৰপতি মাহমুদ আহমদিনেজাদৰ কাৰ্যকালত প্ৰতিৰক্ষা মন্ত্ৰী আৰু প্ৰয়াত ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ কাৰ্যকালত তেতিয়াৰ স্বৰাজ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইমাম ৰেজা মন্দিৰৰ বিশেষ ৰঙা পতাকা প্ৰয়াত সৰ্বোচ্চ নেতা আলী খামেনেইৰ কফিনত ৰখা হৈছে। জৰ্জটাউন বিশ্ববিদ্যালয়ৰ মধ্যপ্ৰাচ্য আৰু ইছলামিক ৰাজনীতিৰ সহযোগী অধ্যাপক নাদেৰ হাছেমীৰ মতে ৰঙা পতাকাখন হজৰত মহম্মদৰ নাতি হুছেইন ইবনে আলীৰ বলিদানৰ প্ৰতীক।

কাৰবালাৰ যুদ্ধত তেওঁ নিহত হৈছিল। হাশ্বেমীয়ে কয় যে, কাৰবালাৰ যুদ্ধত তেওঁৰ মৃত্যু আৰু শ্বহীদ ছিয়া মুছলমানসকলৰ বাবে এক গুৰুত্বপূৰ্ণ নৈতিক কেন্দ্ৰ বিন্দু। সেইবাবেই ইৰাণ ইছলামিক ৰিপাব্লিকে আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত নিজৰ সৰ্বোচ্চ নেতাৰ মৃত্যুক তেওঁৰ মৃত্যুৰ সৈতে তুলনা কৰিবলৈ চেষ্টা কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande