
নগাঁও, ০৩ জুলাই (হি.স.)। অসমত এতিয়া যিটো হাৰত অসমীয়া মাধ্যমৰ বিদ্যালয়ত তলা ওলমিছে, আগন্তক এটা দশকত ৰাজ্যৰ ৫০ শতাংশ অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈ পৰিব। শুকুৰবাৰে কলিয়াবৰত অনুষ্ঠিত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি উক্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকাই। জাতিটোৰ কাৰণে এয়া কেতিয়াও শুভ লক্ষণ নহয় বুলিও মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে।
কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ উদ্যোগত ২১তম বৰ্ষৰ বাবে অনুষ্ঠিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃৰ্তিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলক জীৱন যাত্ৰাত সঠিক পথত আগবাঢ়ি যাবৰ বাবে নিজৰ অন্তৰাত্মাৰ বিননি শুনিবলৈ আহ্বান জনায়। ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত কলিয়াবৰৰ সৰ্বমুঠ ৯৬২ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। লগতে এশ শতাংশ উত্তীৰ্ণৰ সফলতা অৰ্জন কৰা বিদ্যালয় প্ৰধান সকলকো সম্বৰ্ধনা জনোৱা হয় এই অভিনন্দন অনুষ্ঠানত। নিজৰ মেধাৰ বলত নাছা ভ্ৰমণৰ সুযোগ লাভ কৰা কলিয়াবৰ গুৰুকুলৰ ছাত্ৰ জোনাক জ্যোতি বৰদলৈকো অনুষ্ঠানত অভিনন্দন জনায় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা