
গুৱাহাটী, ০৩ জুলাই (হি.স.)। এটুপি বিশুদ্ধ খোৱাপানীৰ পানী হাহাকাৰ কৰিছে দেৰগাঁৱৰ ছগুৰিৰ জনতাই ।
নল আছে কিন্তু জল নাই । চৰম প্ৰহসনত পৰিণত হৈছে জনজীৱন আঁচনি । বহুবছৰৰ পূৰ্বেই ছগুৰি পানী যোগান আঁচনি স্থাপন কৰা হ'ল যদিও নোলাল পানী । হাবি-জংঘলেৰে ভৰি পৰিছে পানী যোগানৰ প্ৰকল্পতো। অতি শীঘ্ৰেই পানী যোগান আঁচনিতো কাৰ্যক্ষম কৰি তোলাৰ দাবী বঞ্চিত জনতাৰ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা