
কাজিৰঙা, ০৩ জুলাই (হি.স.)। বাৰিষাৰ বতৰত কাজিৰঙাৰ মাজেৰে যাতায়তৰ ক্ষেত্ৰত বাহনসমূহৰ গতি নিযন্ত্ৰণ কৰিবলৈ তৎপৰ হৈ পৰিছে উদ্য়ান কৰ্তৃপক্ষ তথা পৰিৱহন বিভাগ ৷ সম্ভাব্য বান পৰিস্থিতিৰ বাবে কঠোৰ হৈছে প্ৰতিটো বিভাগ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ছটা এনিমেল কৰিডৰত স্থাপন কৰা ছেনছৰ কেমেৰাৰ ওপৰি ৰাষ্ট্ৰীয় পথটোত চলাচল কৰা প্ৰতিখন যানবাহন নিৰীক্ষণত আছে গোলাঘাট জিলা পৰিবহন বিভাগৰ ইন্টাৰছেপ্তৰৰ ৷
তীব্ৰ গতিত চলা যানবাহনৰ সবিশেষ বন্দী হ’ব ইন্টাৰছেপ্তৰৰ কেমেৰাত ৷ সেইমতে দুহেজাৰৰ পৰা চাৰি হাজাৰ টকা পৰ্যন্ত জৰিমনাৰ চালান বাহনৰ গৰাকীলৈ প্ৰেৰণ কৰিব পৰিবহন বিভাগে ৷ গোলাঘাট আৰু নগাঁও দুই জিলাতে প্ৰযোজ্য আছে এই নিৰ্দেশ ৷ এই ক্ষেত্ৰত যানবাহন চালকলৈ যানবাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰি বন্যজন্তুৰ সুৰক্ষা প্ৰদান কৰাতো সকলোৱে জাতীয় দায়িত্ব হিচাবে গ্ৰহণ কৰিবলৈ পৰিবহন বিষয়াৰ আহ্বান জনায় ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা