যোৰহাট চুপাৰ ডিভিজন ফুটবল লীগ, যোৰহাট টাউন ক্লাব চূড়ান্ত বিজয়ী
যোৰহাট, ০৩ জুলাই (হি.স.)। যোৰহাট টাউন ক্লাৱৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখলেৰে আজি সফল সামৰণি পৰে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ দ্বিতীয় বাৰ্ষিক যোৰহাট চুপাৰ ডিভিজন ফুটবল লীগ ফুটবল প্ৰতিযোগিতাৰ। আজি যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত
যোৰহাট চুপাৰ ডিভিজন ফুটবল লীগ, যোৰহাট টাউন ক্লাব চূড়ান্ত বিজয়ী


যোৰহাট, ০৩ জুলাই (হি.স.)। যোৰহাট টাউন ক্লাৱৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখলেৰে আজি সফল সামৰণি পৰে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ দ্বিতীয় বাৰ্ষিক যোৰহাট চুপাৰ ডিভিজন ফুটবল লীগ ফুটবল প্ৰতিযোগিতাৰ। আজি যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত যোৰহাট টাউন ক্লাব দলে যোৰহাট ভিক্টোৰিয়াছ ক্লাৱক ৫-২ গলৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।

আনহাতে খেলৰ শেষত অনুষ্ঠিত হোৱা বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত থাকি বঁটা সমূহ বিতৰণ কৰে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, সাধাৰণ সম্পাদক জুল খাউণ্ড, ললিত বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

আনহাতে প্ৰতিযোগিতাৰ সৰ্বাধিক গলদাতাৰ সন্মান অৰ্জন কৰে ভিক্টোৰিয়াছ ক্লাৱৰ অমৃত ঠাকুৰীয়াই। আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে যোৰহাট টাউন ক্লাৱৰ লানু তুচি লাংচাৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande