
বৰপেটা, ০৩ জুলাই (হি.স.)। জনীয়াৰ বানিয়াৰাপাৰা এম এ বাতেন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ দুৰৱস্থা ।এজাক বৰষুণতেই সৃষ্টি হয় কৃত্ৰিম বানৰ ।এজাক বৰষুণতেই জমা হয় একাঁঠুলৈকে পানী কদৰ্যময় হৈ পৰে খেল পথাৰ। খেল প্ৰেমীৰ বাবে অনুপযোগী হৈ পৰে খেল পথাৰ। দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলৰ খেলুৱৈ সকলৰ বিষম অসুবিধাৰ সৃষ্টি হৈছে।
অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই মেৰামতিৰ কাম কৰি খেল পথাৰ খন খেলুৱৈ সকলৰ বাবে উপযোগী কৰি দিয়া বাবে আহ্বান জনায় বৃহত্তৰ জনীয়া আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ