
ধেমাজি, ০৩ জুলাই (হি.স.)। জোনাইৰ পৰা বানপানী আতৰিলেও এতিয়াও নকমিল কৃষকৰ দুখ-দুৰ্দশা। প্ৰলয়ংকাৰী বানে জোনাইৰ কেইবাটাও অঞ্চলত শ শ হেক্টৰ কৃষিভূমি বালি আৰু বোকাৰে পুতি পেলোৱাত এক গভীৰ সংকটৰ সন্মুখীন হৈছে শতাধিক কৃষকৰ। বিশেষকৈ শ শ হেক্টৰ মাকৈ খেতি সম্পূৰ্ণৰূপে ধ্বংস হোৱাত কৃষক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।
জোনাইৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ঐৰামঘাট, কেমি, লেকু আদি অঞ্চলৰ প্ৰায় ৭২টা পৰিয়ালৰ শ শ হেক্টৰ মাকৈ খেতি পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা চিলে আৰু কেমি নদীৰ বাঢ়নী পানীত নিমিষতে বালি আৰু বোকাৰ তলত পোত যায়। কপালৰ ঘাম মাটিত পেলাই বছৰজুৰি কৰা পৰিশ্ৰম মুহূৰ্ততে নষ্ট হৈ যোৱাত মূৰে কপালে হাত দিছে এইসকল কৃষকে।
আনহাতে, চিমেন চাপৰিৰ আটকপুৰ গাঁৱতো একেই কৰুণ পৰিস্থিতিৰ সৃষ্টি হৈছে। খৰস্ৰোতা চিমেন নদীৰ বাঢ়নী পানীয়ে গাঁৱৰ প্ৰায় ১৪টা পৰিয়ালৰ ১২০ বিঘা ভূমিত কৰা মাকৈ খেতি বোকাৰ তলত পুতি পেলায়। কৃষক সকলে কোনোমতে সেই খেতি উদ্ধাৰ কৰাৰ চেষ্টা চলাইছে যদিও দীৰ্ঘ সময় বোকাত পোত খাই থকাৰ ফলত অধিকাংশ মাকৈ ইতিমধ্যে খাদ্যৰ অনুপযোগী হৈ পৰিছে।
উল্লেখযোগ্য যে, জোনাইৰ বহু কৃষকে বেংক আৰু বিভিন্ন বিত্তীয় তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লাখ লাখ টকা ঋণ লৈ মাকৈকে ধৰি বিভিন্ন শস্যৰ খেতি কৰিছিল। কিন্তু বানৰ এই ভয়াবহ তাণ্ডৱে তেওঁলোকৰ সকলো আশা-আকাংক্ষা নিমিষতে চূৰ্ণ-বিচূৰ্ণ কৰি পেলোৱাত এতিয়া ঋণ পৰিশোধক লৈও গভীৰ অনিশ্চয়তাৰ সন্মুখীন হৈছে কৃষকসকল।এতিয়া ক্ষতিগ্ৰস্ত কৃষকসকলে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত শীঘ্ৰে ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়ন কৰি উপযুক্ত ক্ষতিপূৰণ, ঋণৰ ক্ষেত্ৰত বিশেষ ৰেহাই আৰু পুনৰ কৃষিকাৰ্য আৰম্ভ কৰিব পৰাকৈ বিকল্প সহায় পেকেজ ঘোষণা কৰাৰ বাবে কাতৰ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ