
মস্কো/টেল আভিভ, ০৩ জুলাই (হি.স.)। ইজৰাইলে উন্নীতকৃত ‘আইৰন ড’ম’ ব্যৱস্থাটো সফলতাৰে পৰীক্ষা কৰি বহুস্তৰীয় বায়ু প্ৰতিৰক্ষা নেটৱৰ্কক আৰু অধিক শক্তিশালী কৰি তুলিছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে মঙলবাৰে কয় যে এই পৰীক্ষাই প্ৰথমবাৰৰ বাবে ‘আইৰন বিম’ লেজাৰ ব্যৱস্থাৰ সফল কাৰ্য্যকৰী সংহতিও প্ৰদৰ্শন কৰিছে, যাৰ ফলত একেলগে একাধিক ধৰণৰ আকাশী আক্ৰমণ প্ৰতিহত কৰাৰ ব্যৱস্থাটোৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে।
ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছ আৰু অন্যান্য সংবাদ মাধ্যমৰ বাতৰিয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি কয় যে এই পৰীক্ষা ইজৰাইল মিছাইল প্ৰতিৰক্ষা সংস্থা (আই এম ডি অ’), প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সঞ্চালকালয় (ডি ডি আৰ এণ্ড ডি) আৰু ৰাফেল এডভান্সড ডিফেন্স চিষ্টেমছৰ যৌথ প্ৰচেষ্টা। অৱশ্যে নিৰাপত্তাজনিত কাৰণত এই পৰীক্ষাৰ সৈতে জড়িত কাৰিকৰী সবিশেষ প্ৰকাশ কৰা হোৱা নাই।
মন্ত্ৰালয়ে কয় যে নতুন উন্নীতকৰণে বৰ্তমান আৰু ভৱিষ্যতৰ ভাবুকিৰ বিৰুদ্ধে যেনে ৰকেট, ক্ৰুজ মিছাইল, আৰু মানৱবিহীন বিমান (ইউএভি)ৰ বিৰুদ্ধে ব্যৱস্থাটোৰ সামৰ্থ্য আৰু ফলপ্ৰসূতা বৃদ্ধি কৰে । ইয়াৰ উপৰিও দ্ৰুত আৰু বৃহৎ পৰিসৰৰ আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ ব্যৱস্থাটোত কেইবাটাও কাৰিকৰী উন্নতি কৰা হৈছে।
বিবৃতিটোত উল্লেখ কৰা হৈছে যে পৰীক্ষাৰ সময়ত প্ৰদৰ্শিত নতুন ক্ষমতাই একেলগে বিভিন্ন আক্ৰমণ প্ৰতিহত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতি প্ৰতিনিধিত্ব কৰে । বিশেষকৈ আইৰন বিম লেজাৰক আইৰন ড'ম যুদ্ধ ব্যৱস্থাপনা ব্যৱস্থাৰ সৈতে সফলতাৰে সংযুক্ত কৰা হৈছিল, যাৰ ফলত ভৱিষ্যতৰ কাৰ্য্যকৰী নিয়োগৰ পথ আৰু অধিক শক্তিশালী হৈছিল।
এই সংহতিৰ ফলত সেনাপতিসকলে ভাবুকিৰ প্ৰকৃতি, ব্যৱস্থাৰ উপলব্ধতা আৰু খৰচৰ ওপৰত নিৰ্ভৰ কৰি মিছাইল বা লেজাৰ বাধাৰ মাজত দ্ৰুতভাৱে সিদ্ধান্ত ল'ব পাৰিব। তামিৰ ইন্টাৰচেপ্টৰ মিছাইলৰ দাম প্ৰায় ৫০,০০০ ডলাৰ হ'লেও আইৰন বিম লেজাৰ শ্বটৰ খৰচ মাত্ৰ কেইটামান ডলাৰ বুলি কোৱা হৈছে, যাৰ ফলত সম্ভাৱনাময়ভাৱে বায়ু প্ৰতিৰক্ষা অভিযান অধিক খৰচী হৈ উঠিব।
মন কৰিবলগীয়া যে ২০১১ চনত ইজৰাইলৰ বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল আইৰন ড'ম । এই ব্যৱস্থাই ৪ৰ পৰা ৭০ কিলোমিটাৰ দূৰত্বত ৰকেট আৰু অন্যান্য আকাশী ভাবুকিক বাধা দিবলৈ সক্ষম আৰু এতিয়া ইয়াক ইজৰাইলৰ বহুস্তৰীয় বিমান প্ৰতিৰক্ষা নেটৱৰ্কৰ মেৰুদণ্ড হিচাপে গণ্য কৰা হৈছে ।
আঞ্চলিক নিৰাপত্তাজনিত প্ৰত্যাহ্বান ক্ৰমাৎ বৃদ্ধি পোৱা আৰু উত্তৰ সীমান্তত হিজবুল্লাহৰ পৰা ড্ৰ’ন আক্ৰমণৰ ভাবুকি থকাৰ সময়তে ইজৰাইলৰ এই ঘোষণা । এনে পৰিস্থিতিত আইৰন ড'ম আৰু আইৰন বিমৰ যৌথ অভিযানক ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা শক্তিশালী কৰাৰ দিশত এক পদক্ষেপ বুলি গণ্য কৰা হয়।
-----------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ