





–প্ৰয়াত শিক্ষাবিদ ,প্ৰতিষ্ঠাপক অধ্যক্ষ উপেন্দ্ৰনাথ শৰ্মা সোঁৱৰণী ৰাজ্যিক ভিত্তিত তৰ্ক প্ৰতিযোগিতা সম্পন্ন
–কৃতীমান সকলক বিভিন্ন ন্যাসৰ বঁটা প্ৰদান
–বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰা সংগীতা মহন্তক চি ভি ৰমণ বঁটা
–কলা শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰা অনুষ্কা প্ৰিয়ম কাশ্যপক ৰবীন্দ্ৰ নাথ ঠাকুৰ বঁটা প্ৰদান
–বাণিজ্য শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰা কাবেৰী উপাধ্যায়ক অমৰ্ত্য সেন বঁটা প্ৰদান
–বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ
শোণিতপুৰ, ০৩ জুলাই (হি.স.)।
বিদ্যায়তনিক ক্ষেত্ৰত ধাৰাবাহিকভাৱে উৎকৰ্ষতাৰ পৰিচয় দি অহা তেজপুৰ ইন্সপায়াৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অষ্টম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰে । প্ৰথম দিনটোত শিক্ষানুষ্ঠানখনৰ কলা -বিজ্ঞান আৰু বাণিজ্য শাখাৰ শিক্ষাৰ্থী সকলৰ ছয়টাকৈ বিভাগত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰকল্পৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ লগতে শিল্পকলা প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল।
প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় ইন্সপায়াৰ একাডেমীৰ সৌজন্যত আয়োজিত প্ৰতিষ্ঠাপক অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ প্ৰয়াত উপেন্দ্ৰনাথ শৰ্মা সোঁৱৰণী ৰাজ্যিক-ভিত্তিক তৰ্ক প্ৰতিযোগিতাৰ শুভ উদ্বোধনৰ মাধ্যমেৰে।
উদ্বোধনী অনুষ্ঠানত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকি তৰ্কচৰ্চাৰ প্ৰাসংগিকতা, যুক্তিবাদী চিন্তাধাৰাৰ বিকাশ আৰু সুস্থ সমাজ গঠনত ইয়াৰ তাৎপৰ্য সম্পৰ্কে মূল্যৱান বক্তব্য আগবঢ়ায়। লগতে তেওঁ এই প্ৰতিযোগিতাৰ সৈতে জড়িত বিভিন্ন স্মৃতি ৰোমন্থন কৰি
প্ৰতিযোগীসকলক জ্ঞানচৰ্চা, যুক্তিনিষ্ঠ মনোভাৱ আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ আহ্বান জনায়।
শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ,বিশিষ্ট ঔপন্যাসিক ড° ভূপেন শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই তৰ্ক প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলৰ উৎসাহব্যঞ্জক অংশগ্ৰহণে অনুষ্ঠানটোক এক গাম্ভীৰ্যপূৰ্ণ আৰু মৰ্যাদাসম্পন্ন ৰূপ প্ৰদান কৰে।
অনুষ্ঠানত বিশেষ অতিথি হিচাপে বিশিষ্ট শিক্ষাবিদ তথা বিজ্ঞান লেখক ডঃ ৰমেশ গোস্বামী আৰু দিপালী দেৱী উপস্থিত থাকি অনুষ্ঠানটিৰ শোভা অধিক বৃদ্ধি কৰে।
প্ৰয়াত প্ৰতিষ্ঠাপক অধ্যক্ষ উপেন্দ্ৰ নাথ শৰ্মাৰ সোঁৱৰণত আয়োজিত সদৌ অসম বিতৰ্ক প্ৰতিযোগিতাত ঋতুৰাজ শইকীয়াই (গুৱাহাটী বিশ্ববিদ্যালয়) প্ৰথম স্থান লাভ কৰাৰ লগতে “শ্ৰেষ্ঠ তাৰ্কিক” বঁটাও অৰ্জন কৰে। দ্বিতীয় স্থান নিকিতা গোস্বামীয়ে (দৰং মহাবিদ্যালয়) আৰু তৃতীয় স্থান সুদীপ্ত শইকীয়াই (তেজপুৰ বিশ্ববিদ্যালয়) লাভ কৰে। ইয়াৰ পিছতে অনুষ্ঠিত হয় স্বৰ্গীয় ভাৰ্গৱজ্যোতি বৰা সোঁৱৰণী ৰাজ্যিক-ভিত্তিক আন্তঃপ্ৰতিষ্ঠানিক কুইজ প্ৰতিযোগিতা।
বিশিষ্ট কুইজ মাষ্টাৰ ৰূদ্ৰ ডেকাৰ সুনিপুণ তত্ত্বাৱধানত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুতো দলে অংশগ্ৰহণ কৰি নিজৰ জ্ঞান, উপস্থিত বুদ্ধি আৰু প্ৰতিযোগিতামূলক দক্ষতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰে। মুঠ ৩৪টা দলে অংশগ্ৰহণ কৰে এই কুইজ প্ৰতিযোগিতাত । প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ৰ মোহিক্ষিত গোস্বামী আৰু জয়দীপ কলিতাই প্ৰথম স্থান দখল কৰে। একেদৰে কটন বিশ্ববিদ্যালয়ৰ দীপম সাহা আৰু মৃগাক্ষী মহন্তই দ্বিতীয় স্থান, ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান (এন আই টি), শিলচৰৰ অৰিন্দম শৰ্মা আৰু অনুৰাগ তামুলীয়ে তৃতীয় স্থান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰিয়ানুজ পৰাশৰে চতুৰ্থ স্থান, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ কৃষাণু কাশ্যপ বিশ্বপতি আৰু ভাৰ্গৱ ভূষণ বিশ্বপতিয়ে পঞ্চম স্থান আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পূৰ্বাহ্না বৰা আৰু হিৰকজিত শৰ্মাই ষষ্ঠ স্থান লাভ কৰে।
দ্বিতীয় দিনাৰ আন এক উল্লেখযোগ্য আকৰ্ষণ আছিল আন্তঃবিদ্যালয় চিত্ৰাংকন প্ৰতিযোগিতা। সমসাময়িক আৰু সৃষ্টিশীল বিষয়বস্তুৰ আধাৰত তিনিটা শাখাত আয়োজিত এই প্ৰতিযোগিতাখনত সৰ্বমুঠ ৭8 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে| প্ৰতিযোগীসকলৰ সৃষ্টিশীলতা, কল্পনাশক্তি য়ে অনুষ্ঠানটোক অধিক বৰ্ণাঢ্য, আৰু স্মৰণীয় কৰি তোলে।
আনহাতে জ্ঞান, কৃতী আৰু কলা-সংস্কৃতিৰ সুমধুৰ সমাহাৰে ইন্সপায়াৰ একাডেমীৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ অন্তিম দিনৰ কাৰ্যসূচীস্বৰূপে বাৰ্ষিক বঁটা বিতৰণ, সম্বৰ্ধনা আৰু সামৰণি অনুষ্ঠান তেজপুৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ আৰু উৎসৱমুখৰ পৰিৱেশত সাফল্যমণ্ডিতভাৱে অনুষ্ঠিত হয় ।
বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দ্বিপায়ণ মহন্তই আঁতধৰা আজিৰ এই মূল সভাৰ শুভাৰম্ভ হয় পৰম্পৰাগত বন্তি প্ৰজ্বলনৰ মাধ্যমেৰে। ইয়াৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কণ্ঠত ধ্বনিত বৰগীত, গায়ন-বায়নৰ মংগলধ্বনি, সত্ৰীয়া নৃত্য আৰু বিদ্যালয় সংগীতে সমগ্ৰ অনুষ্ঠানলৈ এক আধ্যাত্মিক আৰু সাংস্কৃতিক গাম্ভীৰ্য কঢ়িয়াই আনে। বিদ্যালয়ৰ অধ্যক্ষ ড০ ক্ষীৰেন্দ্ৰ হালৈয়ে আদৰণী ভাষণ আগবঢ়োৱাৰ লগতে ২০২৫–২৬ শিক্ষাবৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন উপস্থাপন কৰে ইন্সপায়াৰ ফাউণ্ডেচনৰ সচিব নম্ৰশ্ৰী গোস্বামীয়ে।
উল্লেখ্য যে, অনুষ্ঠানৰ এই শুভাৰম্ভণিয়ে সমগ্ৰ প্ৰেক্ষাগৃহত এক গৌৰৱময়, সৌহাৰ্দ্যপূৰ্ণ আৰু আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ পিছতে অনুষ্ঠানৰ মূল আকৰ্ষণ বাৰ্ষিক বঁটা বিতৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে শিক্ষাক্ষেত্ৰত বিশেষ কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক বিভিন্ন সন্মানীয় বঁটা প্ৰদান কৰা হয়। বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰা সংগীতা মহন্তক চি. ভি. ৰমন বঁটা, কলা শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰা অনুষ্কা প্ৰিয়ম কাশ্যপক ৰবীন্দ্ৰনাথ ঠাকুৰ বঁটা আৰু বাণিজ্য শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰা কাবেৰী উপাধ্যায়ক অমৰ্ত্য সেন বঁটা প্ৰদান কৰা হয় । ২০২৬ বৰ্ষৰ পৰা প্ৰৱৰ্তিত এ. পি. জে. আব্দুল কালাম বঁটা আৰু অধ্যাপক ৰাজপাল সিং চিৰোহী বিশেষ জলপানি বঁটা দশম শ্ৰেণীত সৰ্বোচ্চ নম্বৰ লাভ কৰি একাদশ শ্ৰেণীত অধ্যয়নৰত প্ৰতিষ্ঠা দেৱীক প্ৰদান কৰা হয়। ক্ৰীড়াক্ষেত্ৰত বিশেষ পাৰদৰ্শিতাৰ স্বীকৃতিস্বৰূপে মেজৰ ধ্যানচাঁদ বঁটা দ্বাদশ শ্ৰেণীৰ আয়ুস ছেত্ৰী আৰু ভায়লিনা হাজৰিকাক প্ৰদান কৰা হয়। স্বৰ্গীয় উপেন্দ্ৰনাথ শৰ্মা সোঁৱৰণী জলপানি বঁটা আগবঢ়োৱা হৈছে । একাদশ বিজ্ঞান শাখাৰ শিক্ষাৰ্থী প্ৰাচুৰ্য বৰালৈ আগবঢ়োৱা হয়। আৰ্থিক অসুবিধাৰ মাজতো মেধাৰ উৎকৰ্ষ প্ৰদৰ্শন কৰা শিক্ষাৰ্থীক উৎসাহিত আৰু স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই বঁটা আগবঢ়োৱা হৈছে।
ইয়াৰ উপৰিও ১০০ শতাংশ উপস্থিতিৰে সাফল্য অৰ্জন কৰা শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰী, অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ মূল একাডেমীক বিষয়ভিত্তিক প্ৰতিযোগিতাৰ বিজয়ী, বিদ্যালয়ৰ ৩০ জুনত অনুষ্ঠিত বিভিন্ন বিভাগৰ বিষয়সমূহৰ প্ৰৰ্দশনীৰ পুৰস্কিত ছাত্ৰ-ছাত্ৰী সকলক বঁটা প্ৰদান কৰা হয় লগতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ য়ুবিকা (YUVIKA)2026 কাৰ্যসূচীত নিৰ্বাচিত শিক্ষাৰ্থী নিবিৰ জোনাক বৰুৱাকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই বঁটা বিতৰণ অনুষ্ঠানটিয়ে কেৱল কৃতী শিক্ষাৰ্থীসকলক উৎসাহিত কৰাই নহয়, আন শিক্ষাৰ্থীসকলকো ভৱিষ্যতে অধিক নিষ্ঠাৰে অধ্যয়ন কৰি উৎকৃষ্ট ফলাফল অৰ্জনৰ বাবে অনুপ্ৰাণিত কৰে।
এই অনুষ্ঠানটোক আৰু অধিক গাম্ভীৰ্য আৰু মৰ্যাদা প্ৰদান কৰে উপস্থিত বিশিষ্ট অতিথিসকলে।
সভাত উপস্থিত থকা তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ অধ্যাপক ড০ দেৱেন্দ্ৰ চন্দ্ৰ বৰুৱাই নিজৰ ভাষণত অনিশ্চয়তাৰ মাজতো আত্মনিয়ন্ত্ৰণ,শিক্ষাৰ্থীসকলৰ মাজত ব্যৱসায়িক মানসিকতা আৰু আত্মনিৰ্ভৰশীলতাৰ চেতনা গঢ়ি তোলা, মানৱসম্পদ গঢ়ি তোলা, উদ্ভাৱনী চিন্তাধাৰা, বহনক্ষম উন্নয়ন (Sustainable Development) আৰু গ্ৰন্থ অধ্যয়নৰ গুৰুত্বৰ বিষয়ে মূল্যৱান বক্তব্য আগবঢ়ায়। লগতে এই মূল সভাত উপস্থিত থাকে দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ নাথ কেওঁট, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ হাজৰিকা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° ভূৱনেশ্বৰ চহৰীয়া, সদস্য ড০ ৰমেশ চন্দ্ৰ গোস্বামী, তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস, স্বৰ্গীয় উপেন্দ্ৰনাথ শৰ্মাৰ সহধৰ্মিণী দীপালী দেৱী, ইন্সপায়াৰ ফাউণ্ডেচনৰ সদস্য ৰমেন গোস্বামী আদি বিশিষ্ট ব্যক্তি।লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ বিশিষ্ট অধ্যাপক তথা আইইইই (IEEE)-ৰ জ্যেষ্ঠ সদস্য ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই যোগ শিক্ষা, প্ৰাণায়াম আৰু শাৰীৰিক সজাগতাৰ (Physical Awareness) বৈজ্ঞানিক দিশসমূহ সুন্দৰভাৱে ব্যাখ্যা কৰি শিক্ষাৰ্থীসকলৰ মাজত স্বাস্থ্যসচেতনতা আৰু সুস্থ জীৱনশৈলীৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰে।
অন্তিম দিনৰ আন এক উল্লেখযোগ্য কাৰ্যসূচী হিচাপে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ আন শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলক কৰ্মনিষ্ঠা, দায়িত্ববোধ আৰু আন্তৰিক অৱদানৰ বাবে বিশেষভাৱে সন্মানিত কৰা হয়।সামৰণি অনুষ্ঠানৰ অন্তিম পৰ্যায়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান দৰ্শকৰ মন জয় কৰে। অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বিকি ৰাজ বড়োৰ তত্ত্বাৱধানত ৰাগ সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত পৰিৱেশিত “দ্বিগ্বিজয়” শীৰ্ষক জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ জীৱন আৰু সংগীতযাত্ৰাক আধাৰ কৰি নিৰ্মিত স্মৃতিবিজড়িত নৃত্য-নাটিকা। হৃদয়স্পৰ্শী এই পৰিৱেশনাই উপস্থিত সকলোকে আপ্লুত কৰাৰ লগতে শিল্পীগৰাকীৰ প্ৰতি থকা অগাধ মৰম আৰু শ্ৰদ্ধা অধিক গভীৰ কৰি তোলে।
সৰ্বশেষত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ মাজেৰে ইন্সপায়াৰ একাডেমীৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ অন্তিম দিনৰ কাৰ্যসূচীৰ সফল পৰিসমাপ্তি ঘটে। এই গৌৰৱোজ্জ্বল অনুষ্ঠানটিয়ে বিদ্যালয়খনৰ শিক্ষামূলক উৎকৰ্ষ, সাংস্কৃতিক ঐতিহ্য আৰু সৰ্বাংগীণ ব্যক্তিত্ব বিকাশৰ অংগীকাৰ পুনৰায় প্ৰতিফলিত কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ