
শিলিগুৰি, ০৩ জুলাই (হি.স.)। বহু অপেক্ষাৰ অন্তত ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল সেৱা পুনৰ আৰম্ভ হোৱাৰ আশা বাঢ়িছে। মিতালী এক্সপ্ৰেছ পুনৰ ট্ৰেকত অহাৰ লগে লগে বন্ধন আৰু মৈত্ৰী এক্সপ্ৰেছৰ কামো পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। দুয়োখন দেশৰ মাজত কূটনৈতিক আলোচনা আৰু বাংলাদেশত ভাৰতীয় ভিছা চেণ্টাৰসমূহ সম্পূৰ্ণৰূপে মুকলি কৰাটোৱে এই আশাক আৰু অধিক শক্তিশালী কৰি তুলিছে ।
সূত্ৰ অনুসৰি দুয়োখন দেশৰ ৰে’লৱে বিষয়াসকলে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰি ৰে’লৰ পথ, ট্ৰেকৰ অৱস্থা, আৰু অন্যান্য প্ৰয়োজনীয় আন্তঃগাঁথনি পৰ্যালোচনা কৰি আছে। সময়মতে সকলো প্ৰস্তুতি সম্পূৰ্ণ হ’লে এই মাহৰ ভিতৰত ৰে’ল সেৱা পুনৰ আৰম্ভ হ’ব পাৰে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এজন বিষয়াই উল্লেখ কৰিছে যে মিতালী এক্সপ্ৰেছ পুনৰ আৰম্ভ কৰাৰ কোনো নিৰ্দিষ্ট তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। উচ্চ পৰ্যায়ৰ নিৰ্দেশনাৰ ভিত্তিত ট্ৰেক আৰু অন্যান্য আন্তঃগাঁথনিৰ অৱস্থাৰ মূল্যায়ন কৰা হৈছে, আৰু সংশ্লিষ্ট বিভাগসমূহলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হৈছে।
উল্লেখযোগ্য যে ২০২৪ চনৰ জুলাই-আগষ্ট মাহত বাংলাদেশৰ আভ্যন্তৰীণ অশান্তি আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে ভাৰত চৰকাৰে নিৰাপত্তাজনিত কাৰণত মৈত্ৰী, বন্ধন, মিতালী নামৰ তিনিখন যাত্ৰীবাহী ৰে’লৰ চলাচল সাময়িকভাৱে বন্ধ কৰি দিছিল। কিন্তু যাত্ৰীবাহী ৰে’ল স্থগিত ৰখাৰ পাছতো দুয়োখন দেশৰ মাজত বাণিজ্য অটুট ৰাখিবলৈ মালবাহী ৰে’ল চলি থাকিল।
বাংলাদেশত নতুন চৰকাৰ গঠন আৰু পৰিস্থিতিৰ উন্নতিৰ পাছত দুয়োখন দেশৰ সম্পৰ্ক পুনৰ উষ্ণ হৈ পৰিছে। ইয়াৰ ফলত যাত্ৰীবাহী ৰে’ল পুনৰ আৰম্ভ কৰাৰ প্ৰচেষ্টা ত্বৰান্বিত হৈছে।
খবৰ অনুসৰি শেহতীয়াকৈ দুয়োখন দেশৰ ৰে’ল বিভাগৰ বিষয়াসকলৰ দ্বিতীয়খন বৈঠকত সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত প্ৰাথমিক চুক্তিত উপনীত হৈছে। ভাৰতেও প্ৰায় দুবছৰৰ অন্তত বাংলাদেশী নাগৰিকক ভিছা প্ৰদানৰ কাম পুনৰ আৰম্ভ কৰিছে, যাৰ ফলত পৰ্যটন আৰু চিকিৎসা খণ্ডৰ সৈতে জড়িতসকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে। বৃহৎ সংখ্যক বাংলাদেশী নাগৰিকে চিকিৎসা আৰু অন্যান্য প্রয়োজনীয়তাৰ বাবে ভাৰতলৈ যাত্ৰা কৰে আৰু এই ৰে’লসমূহ পুনৰ আৰম্ভ হোৱাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।
সূত্ৰ অনুসৰি ৰে’ল ব’ৰ্ডে সেউজ সংকেত দিয়াৰ পিছত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ৰে’লসমূহৰ চলাচলৰ তাৰিখ। ৰে’ল সেৱা পুনৰ আৰম্ভ হ’লে ভাৰত আৰু বাংলাদেশৰ মাজত যাতায়তৰ সুবিধা হোৱাই নহয়, দ্বিপাক্ষিক বাণিজ্য আৰু সাংস্কৃতিক সম্পৰ্কও সুদৃঢ় হ’ব।
উল্লেখযোগ্য যে ২০২২ চনত নিউ জলপাইগুৰি জংচন আৰু ঢাকা কেণ্টনমেণ্টৰ মাজত মিতালী এক্সপ্ৰেছ মুকলি কৰা হৈছিল। ২০১৭ চনত কলকাতা আৰু খুলনাৰ মাজত বন্ধন এক্সপ্ৰেছৰ চলাচল আৰম্ভ হোৱাৰ বিপৰীতে ২০০৮ চনত কলকাতা আৰু ঢাকাৰ মাজত ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰথমখন যাত্ৰীবাহী ৰে’ল মৈত্ৰী এক্সপ্ৰেছ মুকলি কৰা হয়।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ