
হাইলাকান্দি, ০৩ জুলাই (হি.স.)। হাইলাকান্দিত অব্য়াহত আছে অবৈধ কাঠৰ চোৰাং কাৰবাৰ। ইফালে হাইলাকান্দি বন বিভাগে চোৰাং কাঠৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। শেহতীয়া অভিযানত
জব্দ কৰা হৈছে ৬ খন অবৈধ কাঠফলা মিল।
উল্লেখ্য় যে
হাইলাকান্দি চহৰৰ কাটলিছৰা বাছষ্টেণ্ড আৰু মোহনপুৰৰ পৰা ৬ টা অবৈধ কাঠফলাৰ মিল জব্দ কৰে। লগতে আৰু বৃহৎ পৰিমানৰ ছেগুন কাঠ সহ কাঠ সৰবৰাহৰ বহু সামগ্ৰী ও জব্দ কৰে বন বিভাগৰ দলে । ইফালে
বনবিভাগৰ অভিযানৰ উমান পাই এই ৬ টা অবৈধ কাঠফলাৰ স্থানৰ পৰা লোকসকলে পলায়ন কৰে।
জব্দকৃত এই কাঠ আৰু কাঠ ফলাৰ সামগ্ৰীৰ বজাৰ মুল্য ৩০ লাখ অধিক হ’ব বুলি বন বিভাগৰ দলে অনুমান কৰিছে ।
এই সন্দৰ্ভত হাইলাকান্দি বন বিষয়া অখিল দাসে কয় যে এই অভিযান অব্যাহত থাকিব ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা