
ডিব্ৰুগড়, ০৩ জুলাই (হি.স.)।
বৰডুবিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । দুলীয়াজানৰ সমীপৰ বৰডুবিৰ কালীবাৰী অঞ্চলত সংঘটিত অগ্নিকাণ্ড। চাহজাহান হুছেইন নামৰ লোকজনৰ বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত। ঘটনাস্থলীত উপস্থিত অইল ইণ্ডিয়া লিমিটেডৰ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। অগ্নিকাণ্ডৰ ফলত বাসগৃহটো ভস্মীভূত হয়।
এইপৰ্যন্ত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা